অসমউৎসৱকৃষিখাদ্যজীৱনশৈলীদৈনিক বাতৰিসংস্কৃতি

বকোত নিৰ্মান হ’ল বৃহৎ আকাৰৰ তাজমহল!

পদূলিমুখত হেঁপাহৰ ভোগালী বিহু, ভোগালী বিহু উদযাপনৰ বাবে বকোত নিৰ্মাণ কৰি উলিয়াইছে তাজমহল আৰ্হিত এটা ভেলাঘৰ

পদূলিমুখত হেঁপাহৰ ভোগালী বিহু। চেনেহৰ ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক উৎসাহ -উদ্দীপনা৷ ব্যস্ততাৰ যেন অন্ত নাই গাঁৱৰ জীয়ৰী-বোৱাৰীৰ মাজত৷ পিঠা-পনাৰ প্ৰস্তুতিৰ বাবে আখলত বাঢ়িছে ব্যস্ততা। গাঁৱৰ ডেকা-বুঢ়া একত্ৰিত হৈ আটক ধুনীয়াকৈ সাজি উলিয়াইছে ভেলাঘৰ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বকোত ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাইজে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বকোৰ গাধপুতা গাওঁত ৰাজহুৱাভাৱে ভোগালী বিহু উদযাপনৰ বাবে দিনে-নিশাই প্ৰস্তুতিত লাগিছে স্থানীয় ৰাইজে৷ গাওঁখনৰ ৰাইজে সন্মিলিত প্ৰচেষ্টাৰে উৰুকাৰ নিশা আনন্দ স্ফুৰ্তিৰে একেলগে এসাঁজ খোৱাৰ উদ্দেশ্যে সাজি উলিয়াইছে এক বিশেষ আৰ্হিৰ ভেলাঘৰ ৷ সাতামপুৰুষীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি গাঁৱৰ ডেকা-গাভৰু, পুৰুষ-মহিলা সকলো ব্যস্ত ভেলাঘৰ বনোৱাত। বাৰিৰ বাঁহ আৰু পথাৰৰ নৰাৰে গাঁওখনত নিৰ্মাণ কৰি উলিয়াইছে তাজমহল আৰ্হিত এটা ভেলাঘৰ।

বকোৰ বৃহৎ আকাৰৰ তাজমহলে এতিয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে । সুদৃশ্যমান বিশালকায় তাজমহল সাঁজি উলিয়াবলৈ বিগত এটা পষেকজুৰি গাঁওখনত চলিছিল এক যুদ্ধকালীন প্ৰস্তুতি। উৰুকাৰ নিশা এই ভেলাঘৰতে গাঁওবাসীয়ে লগে ভাগে খাব ভোজৰ এসাজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.