শ্ৰেণীবিহীন

বংগ বিজেপিত মোক্ষম আঘাত, পুনৰ তৃণমূললৈ মুকুল ৰয়

মুকুল ৰয়ৰ TMC ত গমন

বংগ বিজেপিত মোক্ষম আঘাত, পুনৰ তৃণমূললৈ মুকুল ৰয়।

চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ বাবে আন এক মোক্ষম আঘাত ৰূপে বিবেচিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি মুকুল ৰয়ৰ TMC ত গমন৷

  বিজেপিৰ ৰাষ্ট্ৰীয় নেতা মুকুল ৰয় আৰু তেওঁৰ পুত্ৰ শুভ্ৰাংশু ৰয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতত TMC  হেডকোৱাৰ্টাৰত এক বিশেষ অনুষ্ঠানত আনুষ্ঠানিকভাৱে তৃণমূলত যোগদান  কৰে৷ মুকুল ৰয়ৰ TMCত যোগদানৰ কাউন্টডাউন বৃহস্পতিবাৰ নিশাৰে পৰা আৰম্ভ হৈছিল৷

  উল্লেখ্য যে, কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা বিজেপিৰ বৈঠকত উপস্থিত নাছিল মুকুল ৰয়। ইয়াৰ উপৰি মুকুল ৰয়ৰ চিকিৎসাধীন পত্নীক সাক্ষাৎ কৰিবলৈ হাস্পতাললৈ গৈছিল মমতা বেনাৰ্জীৰ ভতিজা তথা সাংসদ অভিষেক বেনাৰ্জী।

  মমতাৰ দূতৰূপে চিকিৎসালয়ত TMCৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক চিকিৎসালয়ত উপস্থিতিৰ পিছতেই চৰ্চা আৰম্ভ হৈছিল যে, মুকুল ৰয়ে বিজেপি এৰি পুনৰ তৃণমূললৈ ঘূৰি আহিব।

  উল্লেখ্য যে, ২০১৭ চনত TMC ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল মুকুল ৰয়৷যাৰ বাবে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত ৰয়ক তৃণমূলৰ পৰা ছয় বছৰৰ বাবে নিলম্বন কৰা হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.