অসমপ্ৰযুক্তিৰাজনৈতিক

ডিফুত তুলিৰাম ৰংহাঙে লংচুৰ মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা স্থাপন কৰে

এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি সদৰি কৰে তুলিৰাম ৰংহাঙে

কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুৰ সাত মাইলত মঙ্গলবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কায্যবাহী সদস্য তুলিৰাম ৰংহাঙে লংচুৰ মিনাৰেল ৱাটাৰ ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা স্থাপন কৰে।
এই প্ৰকল্পটো ১২ কোটি টকা ব্যয় সাপেক্ষে এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি সদৰি কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ লগতে এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ লগে লগে দুই পাৰ্বত্য জিলাৰ যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন পথ প্ৰশস্ত হ’ব আৰু কিছু হ’লেও নিবনুৱা সমস্যা হ্ৰাস হ’ব বুলিও উল্লেখ কৰে তেওঁ।
উক্ত আধাৰ শিলা স্থাপনৰ অনুষ্ঠানত প্ৰকল্পখনৰ স্বাত্বাধিকাৰী মুন ইংতিপী, স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙৰ লগতে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয়ৰ উপৰিও বহু গণমান্য ব্যক্তি উপস্থিত থাকে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.