
পদ্ম বিভূষণ বঁটাৰে সন্মানিত ৰামোজী ৰাওৰ ৮৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে দেওবাৰে ৰামোজী ফিল্ম চিটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰামোজী উৎকৰ্ষ বঁটা প্ৰদান অনুষ্ঠান । এই উপলক্ষে ইংৰাজীৰ পৰা তেলুগুলৈ আৰু তেলুগুৰ পৰা তেলুগু সংস্কৰণৰ দুখন অভিধানো মুকলি কৰা হয়। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ লগতে এই অনুষ্ঠানত দেশৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ২০২৫ চনৰ ৰামোজী উৎকৰ্ষ বঁটাপ্ৰাপকসকল ক্ৰমে –
সাংবাদিকতা ক্ষেত্ৰত উৎকৰ্ষ বঁটা : জয়দীপ হৰ্দিকাৰ – এজন বিশিষ্ট সাংবাদিক আৰু লেখক হৰ্দিকাৰে দুটা দশকৰো অধিক সময় ভাৰতৰ গ্ৰাম্য বাস্তৱতাৰ ওপৰত গভীৰ সহানুভূতি আৰু অন্তৰ্দৃষ্টিৰে প্ৰতিবেদন দি আহিছে । তেওঁৰ কামে প্ৰান্তীয় কণ্ঠক শক্তিশালী কৰা আৰু উন্নয়নৰ মানৱীয় মাত্ৰাক ৰাষ্ট্ৰৰ দৃষ্টিগোচৰ কৰি আহিছে ।
যুৱ আইকন বঁটা : শ্ৰীকান্ত বল্লা – বল্লাণ্ট ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ তথা এম আই টিৰ প্ৰাক্তন ছাত্ৰ বল্লা স্থিতিস্থাপকতা আৰু সৰ্বাংগীন নেতৃত্বৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে পৰিগণিত হৈছে । তেওঁৰ উদ্যোগে বহনক্ষম উৎপাদনক আগুৱাই লৈ যোৱাৰ লগতে বিশেষভাৱে সক্ষম লোকসকলক সৱলীকৰণ কৰি আহিছে ।
কলা আৰু সংস্কৃতিৰ উৎকৰ্ষ বঁটা : অধ্যাপক সতুপতি প্ৰসন্ন শ্ৰী – ১৯ টা জনজাতীয় ভাষাৰ লিপি সৃষ্টি কৰা দূৰদৰ্শী পণ্ডিত অধ্যাপক শ্ৰীয়ে ভাৰতৰ থলুৱা সাহিত্যিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে । আদিকাবি নান্নয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে তেওঁ সাংস্কৃতিক পৰিচয় আৰু ভাষিক সবলীকৰণৰ নেতা হিচাপে পৰিগণিত হৈ আহিছে ।
গ্ৰাম্য উন্নয়নত উৎকৰ্ষ বঁটা : আমলা অশোক ৰুইয়া- ‘জল মাতৃ’ (Water Mother) নামেৰে জনপ্ৰিয় ৰুইয়াই উদ্ভাৱনীমূলক পানী সংগ্ৰহৰ পদক্ষেপৰ জৰিয়তে খৰাং প্ৰৱণ গাঁওসমূহক সহায় কৰি আহিছে । আকাৰ চেৰিটেবল ট্ৰাষ্টৰ জৰিয়তে তেওঁৰ কামে সমগ্ৰ ভাৰতৰ গ্ৰাম্য অঞ্চলত জীৱিকা, জল সুৰক্ষা আৰু আশাৰ সঞ্চাৰ কৰিছে ।
মানৱ সেৱাত উৎকৰ্ষ বঁটা : আকাশ টেণ্ডন – পেহচান – দ্য ষ্ট্ৰীট স্কুলৰ প্ৰতিষ্ঠাপক টেণ্ডনে দিল্লী-এনচিআৰৰ হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ শিশুক শিক্ষা প্ৰদান কৰি এক আন্দোলন গঢ়ি তুলিছে । তেওঁৰ মিছনে পিছপৰা সম্প্ৰদায়সমূহৰ বাবে মৰ্যাদা, সুযোগ আৰু সৱলীকৰণক সামৰি লৈছে ।
উইমেন এচিভাৰ এৱাৰ্ড : পল্লবী ঘোষ- মানৱ সৰবৰাহৰ বিৰুদ্ধে নিৰ্ভীকভাৱে যুঁজি ঘোষে ১০ হাজাৰৰো অধিক মহিলা আৰু শিশুক উদ্ধাৰ কৰি ৭৫ হাজাৰতকৈ অধিক লোকৰ জীৱন প্ৰভাৱিত কৰিছে । ইমপেক্ট এণ্ড ডাইলগ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ উদ্ধাৰ, পুনৰ সংস্থাপন আৰু পুনৰ সংযোগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় প্ৰচেষ্টাসমূহৰ নেতৃত্ব দিয়ে ।
বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উৎকৰ্ষ বঁটা : অধ্যাপক মাধৱী লাতা গালি – আইআইএছচি বেংগালুৰুৰ এগৰাকী অগ্ৰণী ভূ-কাৰিকৰী অভিযন্তা অধ্যাপক লাথাই চেনাব ৰে’লৱে দলঙকে ধৰি বৃহৎ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি প্ৰকল্পত অৰিহণা যোগাইছে । চেণ্টাৰ ফৰ ছাষ্টেনেবল টেকন’লজিছৰ অধ্যক্ষ হিচাপে তেওঁ উদ্ভাৱনক আগুৱাই লৈ গৈছে আৰু পৰৱৰ্তী প্ৰজন্মৰ অভিযান্ত্ৰিক নেতাসকলক গুৰুত্ব প্ৰদান কৰি আহিছে ।

