অসম

ট্ৰাকৰ পৰা লোৰ পাইপ বাগৰি পৰিল শ্ৰমিকৰ ওপৰত! থিতাতে মৃত্যু শ্ৰমিকজনৰ

অইলৰ পাইপ বহোৱা কাৰ্যালয়ত ট্ৰাকৰ পৰা পাইপ বাগৰি পৰি মৃত্যু শ্ৰমিকৰ

গহপুৰৰ বাদলপথাৰস্থিত অইলৰ পাইপ বহোৱাৰ কাৰ্যালয়ত অইলৰ পাইপ ট্ৰাকৰ পৰা বাগৰি পৰি এজন শ্ৰমিকৰ থিতাতে মৃত্যু ঘটে।

তেল পৰিবাহী লোৰ বৃহৎ পাইপ ট্ৰাকৰ পৰা নমাই থকা অৱস্থাতে পাইপ বাগৰি পৰি শ্ৰমিকজনৰ ওপৰত পৰাৰ বাবে মৃত্যু ঘটে শ্ৰমিকজনৰ।

মৃত শ্ৰমিক গৰাকী উত্তৰ প্ৰদেশৰ অমৃত কুমাৰ সিং বুলি জানিব পৰা গৈছে। আনফালে উক্ত দু্ৰ্ঘটনাটো পথটোৰে যোৱা এজন বাইক আৰোহী সামন্য ভাবে আঘাট প্ৰাপ্ত হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে।

মৃত শ্ৰমিকজনৰ মৃতদেহ গহপুৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে। ঘটনাটো সন্দৰ্ভত ইতিমধ্যে গহপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button