Government SchemeSocialঅসম

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাই!

‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে চৰকাৰৰ ৩৮.৫০ কোটি টকা মুকলি

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সকললৈ সুখবৰ। ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিলে ৩৮.৫০ কোটি টকা।

ৰাজ্যৰ কমৰ্চাৰীসকল উপকৃত হ’ব পৰাকৈ চৰকাৰে গ্ৰহণ কৰা ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে আজি বিত্ত বিভাগে ৩৮.৫০ কোটি টকাৰ অনুমোদন জনায়। হিতাধিকাৰী কমৰ্চাৰীসকলে কেইবামাহো ধৰি সুদৰ অংশ ৰেহাই নোপোৱাৰ বিষয়টোয়ে ইতিমধ্যে বিত্তমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছিল।

শেহতীয়াভাৱে ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বিষয়টোৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অজন্তা নেওগে প্ৰতিবেদন বিচাৰে আৰু বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি কমৰ্চাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকাৰ অনুমোদন জনায়।

তাৎপৰ্যপূৰ্ণ যে, ৰাজ্য চৰকাৰৰ ‘আপোনৰ ঘৰ’ অভিলাষী আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩১ হাজাৰ ৯৯৬ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী উপকৃত হৈছে। ইতিমধ্যে এই ‘আপোন ঘৰ’ আঁচনিখন ৰূপায়ণৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত ৫ কোটি টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৭০ কোটি টকা, ২০১৯-২০ বিত্তীয় বৰ্ষত ৪৯.২৪ কোটি টকা মুকলি কৰি দিয়া হৈছিল। এই আঁচনিৰ জৰিয়তে এজন কৰ্মচাৰীয়ে সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত ঋণ লাভৰ বাবে যোগ্য বিবেচিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.