চীনবিশ্ব

চুবুৰীয়া ৰাষ্ট্ৰ চীনত শুক্ৰবাৰে ধাৰাবাহিকভাৱে হয় ১২ টাকৈ ভূমিকম্প

চুবুৰীয়া ৰঙাচীনত শুক্ৰবাৰে ধাৰাবাহিকভাৱে হৈছিল বাৰটাকৈ ভূমিকম্প। এই ১২ টাৰ ভিতৰত সৰ্বাধিক ৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পত ৰাষ্ট্ৰখনৰ উত্তৰ-পশ্চিম চাংহাইৰ বহু স্থানত যথেষ্ট ক্ষয়-ক্ষতি হৈছে৷ বৰ্তমানলৈ ৩ জনৰ মৃত্যুৰ লগতে প্ৰায় ৩৫ জন লোক গুৰুতৰ ভাৱে আহত হোৱা বুলি চীনৰ চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

বৰ্তমানলৈকে অহা প্ৰতিটো ভূমিকম্পই ৪ ৰিখটাৰ স্কেলৰ ওপৰত। ভূমিকম্পসমুহ সৰ্বাধিক ৭ ৰিখটাৰ স্কেল হোৱাৰ বিপৰীতে সৰ্বনিম্ন ৪ ৰিখটাৰ স্কেল। এটা বেচৰকাৰী সূত্ৰই সদৰি কৰা মতে, দেশখনত ৭২,৩১৭ পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ২০,১৯২ বাসগৃহ ক্ষয় ক্ষতিৰ সন্মুখীন হৈছে।

শেহতীয়াকৈ ভূমিকম্পৰ ফলত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে মাৰাথন গতিত অভিযান আৰম্ভ কৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.