Covid-19ভাৰত

কৰ’ণাত প্ৰাণ হেৰুৱালে ৪২০জন চিকিৎসকে

কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে ভাৰতক বাৰুকৈয়ে বিধ্বস্ত কৰিছে। কেইবাখনো ৰাজ্যত কৰ’ণাৰ সংহাৰী ৰূপ অব্যাহত আছে৷ শেহতীয়াকৈ সংক্ৰমণৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও দেশত দৈনিক প্ৰায় ২.৫০ লাখ লোক নতুনকৈ আক্ৰান্ত হৈ আছে ক’ভিডত। দেশত কৰ’ণাৰ এই দ্বিতীয় লহৰত মৃত্যু হৈছে প্ৰায় ২লাখ ৯৫ হাজাৰো অধিক লোকে৷

কৰ’ণা যুঁজত সন্মুখৰ পৰা অৱতীৰ্ণ হোৱা চাৰি শতাধিক চিকিৎসকে হেৰুৱাবলগীয়া হৈছে প্ৰাণ। ভাৰতীয় চিকিৎসা সন্থা চমুকৈ IMAয়ে সদৰি কৰা মতে, কৰ’ণাৰ দ্বিতীয় ঢৌত ভাৰতত প্ৰাণ হেৰুৱাইছে ৪২০জন চিকিৎসকে। ইয়াৰে ১০০গৰাকীয়েই হৈছে দিল্লীৰ। আনহাতে ৯৬ গৰাকী বিহাৰৰ আৰু ৪১ গৰাকী উত্তৰ প্ৰদেশৰ,  ৩ গৰাকী অসমৰ চিকিৎসকে কৰ’নাত আক্ৰান্ত হৈ প্ৰান হেৰুৱাইছে।

উল্লেখ্য যে, কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দেশত ক’ভিড টীকাকৰণো পূৰ্ণগতিত চলি আছে। চৰকাৰী তথ্য অনুসৰি দেশত ইতিমধ্যে  ১৯কোটি ৩৩লাখ লোকক প্ৰদান কৰা হৈছে কৰ’ণাৰ ভেকচিন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 15 =

Back to top button