
নুমলীগড়ৰ বৃহত্তৰ মৰঙিত দিনে-নিশাই চলিছে বন্যহস্তীৰ উপদ্ৰৱ৷ বনাঞ্চলৰ পৰিবৰ্তে জনাঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণ৷ যিকোনো মুহূৰ্ত্তত হয় ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ইপাৰ সিপাৰ।
নুমলীগড়ৰ মৰঙিত এতিয়া নিশা গাৱেঁ-পথাৰে, পথে-প্ৰবাসে চলিছে জাক জাক বন্যহস্তীৰ মুক্ত বিচৰণ ৷ সাবধান নহলে যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন৷ পথাৰৰ পকা ধাননি তহিলং কৰাৰ পিছত জনাঞ্চলত চলিছে হাতীৰ উপদ্ৰৱ৷ নিশাৰে পৰা আজি পুৱতী নিশা পৰ্যন্ত মৰঙিৰ সদৰ স্থান পোৰাবঙলাত চলিল উপদ্ৰৱ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতীৰ বাবে বহু সময় আবদ্ধ হৈ পৰে যান-বাহন৷ ইয়াৰ পিছতে হালোৱা গাওঁ, পাৰ্বতীপুৰ গাৱঁত উপদ্ৰৱ চলায়৷ গাৱঁৰ বাৰী-ঘৰত হাতীৰ জাক প্ৰবেশ কৰি বাৰীৰ কলগছ, নাৰিকল গছ, ফচল খাই তহিলং কৰাত ত্ৰাহি মধুসুদন সুৱঁৰিছে গঞাই ৷ জলন্ত সমস্যা হিচাপে বৃহত্তৰ মৰঙিত এতিয়া বন্যহস্তীৰ সমস্যাই মানুহক জুৰুলা কৰিছে ৷ ভাঙি পৰিছে গ্ৰাম্য কৃষি অৰ্থনীতি ৷ যাৰ ফলত মৰঙিবাসীয়ে ভবিষ্যত অন্ধকাৰ দেখিছে ।