Socialঅসমআন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বভাৰত

গ’ ফৰ গ্ল’ৰী! শাসক বিৰোধীৰ একেমুখে শুভেচ্ছা লাভলীনাক

লাভলীনাৰ সমৰ্থনত অসম চৰকাৰৰ বিশাল চাইকেল ৰেলী

আজি লাভলীনাৰ সমৰ্থনত অসম চৰকাৰে বিশাল চাইকেল ৰেলী উলিওৱাই। এই চাইকেল ৰেলী বিৰোধী দলৰ নেতাসকলেও চৰকাৰক সমৰ্থন জনাই চাইকেল ৰেলীত অংশ গ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল।

গুৱাহাটীৰ লাষ্টগেটৰ পৰা চাইকেল চলাই নেহৰু ষ্টেডিয়ামত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সহিতে ৰেলীত অংশ গ্ৰহণ কৰা লোকসকল। চাইকেল ৰেলীত শাসক বিৰোধীৰ “গ’ ফৰ গ্ল’ৰী”  শ্ল’গানেৰে একেমুখে শুভেচ্ছা লাভলীনাক।

২৩ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ লাভলীনা বৰগোঁহাইয়ে।

টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ১৬ জুলাই, শুকুৰবাৰে ইটালীৰ প্ৰশিক্ষণ কেম্পৰ পৰা টকিঅ’লৈ ৰাউনা হৈছিল।

অলিম্পিকত জয় লাভেৰে পদক দখলৰ বাবে নিজকে সম্পূৰ্ণভাৱে সাজু কৰি তুলিছে খেলুৱৈগৰাকীয়ে।

খেলুৱৈগৰাকীক লৈ পিতৃ-মাতৃৰ লগতে এতিয়া অত্যন্ত আশাবাদী ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশেও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.