Government Schemeঅৰ্থনৈতিকঅসম

খৰকৈ পঢ়ক বাজেটৰ এইকেইটা গুৰুত্বপূৰ্ণ পইন্ট….

কি কি আছে আজিৰ বাজেটত

✅  এহেজাৰ টকালৈ বৃদ্ধি কৰা হ’ল অৰুনোদয় আঁচনিৰ ধন৷

✅  কৃষিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ।

✅  দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে ডিজিটেল পাঠ গ্ৰহণৰ বিশেষ পদক্ষেপ। চৰকাৰী স্কুলৰ নৱম আৰু দশম শ্ৰেনীৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব স্মাৰ্ট ফোন৷

✅  তামুলপুৰক নতুন জিলা হিচাপে স্বীকৃতি৷

✅  গোলাঘাট,ধেমাজি, মৰিগাওঁ, বঙাইগাওঁ, তামুলপুৰত ৫ খন নতুন চিকিৎসা মহাবিদ্যালয়৷

✅  ১০০০ টা নতুন চিকিৎসালয়। উপ-স্বাস্থ্য কেন্দ্ৰক হস্পিতাললৈ ৰূপান্তৰ৷

✅  চাহ শ্ৰমিকে অৱসৰ ভাট্টা ৫০হাজাৰকৈ পাব। চাহ বনুৱাৰ দৈনিক মজুৰি ৩৮টকাকৈ বৃদ্ধি।

✅  চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ২১ গৰাকী স্নাতক মহলৰ ছাত্ৰ-ছাত্ৰীক মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু বৃটেইনৰ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত ইণ্টাৰ্ণশ্বিপৰ সুযোগ।

✅  মহিলাৰ যিকোনো বিপদ বা অসুবিধাৰ সময়ত সহায়ৰবাবে হেল্পলাইন ১৮১ আৰম্ভ কৰাৰ কথা বিবেচনা বিত্তমন্ত্ৰীৰ।

✅  ৩৭,৭৩,৬৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব বিনামূলীয়া ইউনিফৰ্ম।

✅  ভিতৰুৱা অঞ্চলত থকা বিদ্যালয়সমূহৰ শিক্ষকৰ বাবে নিৰ্মাণ কৰা হ’ব কোৱাৰ্টাৰ।

✅  এক লাখ নিবনুৱাক সংস্থাপন।

✅  ৪টা নতুন আৰক্ষী বেটলিয়ন গঠন।

✅  ৪টা ফৰেনচিক গৱেষণালয় স্থাপনৰ সিদ্ধান্ত।

✅  শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষনৰ বাবে বহুকেইটা বিশেষ পদক্ষেপ ঘোষণা৷

✅  বঙাইগাওঁ, বিহালী আৰু শুৱালকুছিত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়৷

✅  হাজো, মাজুলী, টিংখঙত নতুন পলিটেকনিক স্থাপনৰ প্ৰস্তাৱ৷

✅  কাৰ্বি-আংলংত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন৷

✅  ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা৷

✅  প্ৰৱৰ্তন কৰা হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডৰ কথা ঘোষণা।

✅  ক্ষুদ্ৰ ব্যৱসায়ীলৈ ১০ হেজাৰ টকাৰ এককালীন সাহায্য৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 15 =

Back to top button