অসমদুৰ্ঘটনা

মৰণ ফান্দত পৰিণত হৈছে ৰাজ্যৰ ৰাজপথ

চালকৰ অতপালিত বিভিন্ন জনৰ অকাল বিয়োগ

ৰাজপথত মৃত্যু যেন এতিয়া তেনেই সুলভ। চালকৰ অতপালিত বিভিন্ন জনৰ অকাল বিয়োগ । ঢেকীয়াজুলিৰ ধলগুৰিত ভয়ংকৰ দুৰ্ঘটনা। একে পৰিয়ালৰ তিনি সদস্য নিহত। মৃত্যু পিতৃ, পুত্ৰ ছামাদুল, কন্যা ইয়াছমিনৰ। ঢেকীয়াজুলিৰ ধলগুৰিত তীব্ৰ বেগী ট্ৰাকৰ খুন্দা বাইকত। বিদ্যালয়ৰ পৰা পিতৃৰ দুচকীয়া বাহনেৰে ঘৰলৈ উভতাৰ পথত  সংঘটিত এই দুৰ্ঘটনাত থিতাতে মৃত্যু ইমান আলি , পুত্ৰ চামাদুল উদ্দিনৰ। ইফালে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় গুৰুতৰ ভাৱে আহত হোৱা কন্যা ইয়াছমিনৰ। দুৰ্ঘটনাৰ পিছতে উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰে ট্ৰাক খন। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে ট্ৰাক খন। শোণিতপুৰৰ কদমতলিটো নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা। থিতাতে নিহত বাইক আৰোহী। নিহত যুৱকজন তেজপুৰৰ বিজিত কলিতা বুলি চিনাক্ত কৰা হৈছে। শোণিতপুৰৰ কদমতলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা অচিনাক্ত ট্ৰাকৰ খূণ্ডাত নিহত যুৱকজনৰ। দূৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ AS12Z1126 । গহপুৰত দুৰ্ঘটনাগ্ৰস্ত ইটাভৰ্তি ট্ৰাক। গহপুৰৰ বড়িগাঁৱত পুৱতিনিশা সংঘটিত হয় দুৰ্ঘটনা ৷ গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈ থকা ১৮ চকাৰ AR-01-R-9186 নম্বৰৰ এখন ইটা ভৰ্তী ট্ৰাক নিয়ন্তন হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি পৰে ৷ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ট্ৰাকখনৰ চালক।  ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ অহাত চালক জনক। তীব্ৰ বেগী চালকৰ দৌৰাত্ম্যৰ বাবেই মৰণ ফান্দত পৰিণত হৈছে ৰাজ্যৰ ৰাজপথ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − four =

Back to top button