ছিংগাপুৰজীৱনশৈলীবিশ্ব

কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিত এখন দেশত পৰা নাই কৰ’ণাৰ প্ৰভাৱ

কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিত বিশ্বৰ অধিকাংশ দেশ কৰ’ণাৰ সৈতে যুঁজ দি থকাৰ বিপৰীতে এখন দেশত পৰা নাই কৰ’ণাৰ প্ৰভাৱ৷ ৫৭ লাখ জনসংখ্যাৰ দেশখনৰ মুঠ ৩০ শতাংশই ইতিমধ্যে গ্ৰহণ কৰিছে ছিটা৷ এনে প্ৰেক্ষাপটত এতিয়া  বিশ্বৰ বহু ধনৱন্তলোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ছিগাংপুৰ৷ কৰ’ণা কেন্দ্ৰীক পৰিৱেশত ক্ষতিগ্ৰস্ত হোৱা ধনকুৱেৰ সকলে ধন বিনিয়োগ কৰিবলৈ আহিছে ছিংগাপুৰলৈ৷

ভাৰত, চীন, মালয়েছিয়া, ইন্দোনেচীয়াৰ ধনী ব্যক্তিৰ সোঁত ছিগাংপুৰলৈ৷ কিয়নো দেশখনত ব্যৱসায়িক ঋণ সুলভ একেদৰে বিমান যাত্ৰাও সহজ৷ কৰ’ণাত বিশ্বৰ পৰ্যটন খণ্ড থানবান হোৱাৰ বিপৰীতে সুৰক্ষিত ছিগাংপুৰৰ পৰ্যটন৷

ইতিমধ্যে ব্যক্তিগত বিমান লৈ ছিংগাপুৰত অৱসৰ বিনোদন কৰিছে বহু ধনৱানে৷

চলিত বৰ্ষৰ প্ৰথম ৪ মাহত ছিংগাপুৰত ৰেকৰ্ড সংখ্যক বিক্ৰী ১,৩০০ খন বেন্টেল,ৰ’লছ ৰয়ছ, মাৰ্চিডিছ বাহনৰ৷

বিশ্বজোৰা কৰ’ণা মহামাৰীৰ সময়ত এই ধৰণৰ বিলাসী বাহনৰ ৰেকৰ্ড সংখ্যক বিক্ৰী অভাৱনীয় ঘটনাৰূপে বিবেচিত হৈছে৷ সেই বাবেই এতিয়া বিশ্বৰ ধনকুবেৰৰ দৃষ্টি ছিংগাপুৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button