Covid-19অভিনয়অসমজীৱনশৈলীমনোৰঞ্জন

ক’ভিডে সাংস্কৃতিক জগতৰ এৰি বুট বিক্ৰী কৰিবলে বাধ্য কৰিছে শিল্পী কেশৱানন্দ ডেকাক

হাজাৰ হাজাৰ দৰ্শকক আমোদ দিয়া কেশৱানন্দই দুই কেজি বুট বিক্ৰী কৰি চলাইছে পৰিয়াল

মহামাৰী কৰ’ণাই সমগ্ৰ দেশৰ লগতে অসমকো সকলো প্ৰকাৰে জুৰুলা কৰিছে। ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজত। দেশত বৰ্তমান অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ জুই-চাই দাম।

কৰ’ণাসৃষ্ট পৰিস্থিতিয়ে সাংস্কৃতিক জগত কাম কৰি থকা লোকসকলৰ সপোনবোৰ লাহে লাহে ধংস কৰি জীৱিকা নিৰ্বাহৰ বাবে উপায় নোহোৱা কৰিছে। ফলত পৰিয়াল চলাবলৈ কামৰ বাবে হাবাথুৰি খাবলগা হৈছে শিল্পীসকলে।

মৰিগাঁও জিলা অন্তৰ্গত দমাল বেতনি কেশৱানন্দ ডেকাই অসমৰ আগশাৰী আবাহন আৰু পৃথিৰাজ থিয়েটাত মিউজিচিয়ান ৰূপে আবহসংগীতত মায়া সানি সুমধুৰ সুৰৰ লহৰ তুলি শ্ৰোতা- দৰ্শকক দৰ্শনীয় শ্ৰৱণীয় কৰি তোলা শিল্পী কেশৱানন্দই থিয়েটাৰৰ বাদ্যযন্ত্ৰ বজাই পত্নী ,পৰিয়াল আৰু দুই সন্তানক পোহপাল দিছিল। বিভীষিকাময় পৰিস্থিতি বাবে থিয়েটাৰ পৰা আহিব লগা হোৱাত কেশৱানন্দৰ জীৱন অশান্ত সাগৰৰ মাজত এতিয়া ককবকাই আছে।

কেমেৰাৰ পিছফালে থাকি হাজাৰ হাজাৰ দৰ্শকক আমোদ দিয়া কেশৱানন্দ ডেকাই আজি মাত্ৰ দুই কেজি বুট বিক্ৰী কৰি চলাইছে নিজৰ ঘৰখন। ভাৰ্গ্যই যেতিয়া সংগ এৰা দিয়ে তেতিয়াই জীৱনলৈ নামি আহে পাঁচঘতি অমানিশা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.