Socialঅৰ্থনৈতিকঅসমজীৱনশৈলী

এহাল সত্তৰৰ উৰ্ধৰ দম্পত্তিৰ দুৰ্বিষহ জীৱনৰ কথা শুনিলে চকুপানী ওলাব আপোনাৰ

অসহায় বৃদ্ধহালে অতি কষ্টেৰে কটাইছে জীৱন

বাগছাৰ এহাল সত্তৰৰ উৰ্ধৰ দম্পত্তি। দুৰ্বিষহ জীৱন কটাইছে বৃদ্ধ দম্পত্তীহালে। জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা নুন্যতম সা-সুবিধাৰ পৰাও বঞ্চিত বৃদ্ধহাল। অসহায় বৃদ্ধহালে অতি কষ্টেৰে কটাইছে জীৱন। বৃদ্ধহালৰ নাম কমলা বড়ো আৰু হেঠা বড়ো।

থাকিবলৈ এটা নিৰাপদ ঘৰ নথকা বৃদ্ধ দম্পত্তীহালে আজিলৈ পোৱা নাই কোনো চৰকাৰী আঁচনি। পুৰণি জৰাজীৰ্ণ ঘৰত বাহ কৰা বৃদ্ধহালৰ ঘৰৰ ভিতৰত পৰে বৰষুণৰ পানী। জহিখহি গৈছে বেৰবোৰো। মাটিতে শুৱে দম্পত্তীহালে। পানীটুপি খাবলৈ নাই দমকল এটা , নাই শৌচাগাৰ। আনকি পোৱা নাই চৰকাৰী বৃদ্ধ পেঞ্চন। ৰন্ধন গেছৰ সংযোগ নোপোৱা বৃদ্ধহালে জুই ফুকুৱাই খৰিতে সিজায় ভাতমুঠি।

দুৰ্ভাগ্যৰ বিষয় যে, পুত্ৰ থাকিও নিথৰুৱা বৃদ্ধ দম্পত্তীহাল। পুত্ৰই গুৱাহাটীতে থাকি নিজৰ পৰিয়াল পোহপাল দি আছে যদিও যোৱা বিশ বছৰে ধৰি সময় নহ’ল পিতৃ-মাতৃৰ খবৰ লোৱাৰ। কমলা বড়োৱে আনৰ ঘৰত হাজিৰা কাম কৰি কোনোমতে দুবেলা দুসাজ খাইছিল যদিও বয়সৰ ভৰত দুৰ্বল আৰু কুজা হৈ পৰাত কামো নোপোৱা হৈছে বৃদ্ধজনে। এতিয়া পেটত এমুথি ভাত দিবলৈও সমস্যা হৈছে বৃদ্ধহালৰ। আনহাতে পত্নী হেঠা বড়োৰ চকুৰ অসুখটো চিকিৎসা কৰিব নোৱাৰাত লাহে লাহে অন্ধ হৈ পৰিছে৷

ভূমিপুত্ৰ বড়োসকলৰ উন্নয়ন তথা আত্মনিয়ন্ত্ৰণৰ বাবে তিনিখনকৈ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো এইদৰে বড়ো দম্পতীহালে অতি কদৰ্যময় অৱস্থাত দুৰ্বিষহ জীৱন যাপন কটাবলগীয়া হোৱাটো গুৰুত্বপূৰ্ণ বিষয়৷ হাগ্ৰামা মহিলাৰীৰ সোতৰ বছৰীয়া ৰাজত্বৰ সময়ত কোনো চৰকাৰী সাহায্য তথা আঁচনি লাভ নকৰা এই অসহায় বৃদ্ধহালক চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে মৰ্যদাপূৰ্ণ জীৱন যাপন কৰিবলৈ বাগানপাৰা পৰিষদীয় সমষ্টিৰ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.