অপৰাধঅসম

আৰক্ষীৰ জালত ভূৰাগাঁৱৰ জঘন্য শিশু ধৰ্ষণ হত্যাকাণ্ডৰে জড়িত অপৰাধী

আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল ভূৰাগাঁও আৰক্ষী

অৱশেষত আৰক্ষীৰ জালত পৰিল ভূৰাগাঁৱৰ বালিডোঙাৰ জঘন্য শিশু ধৰ্ষণ হত্যাৰ ঘটনাৰ সৈতে জড়িত এজন। আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰা এটা অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ভূৰাগাঁও আৰক্ষী। ধৃত লোকজনৰ নাম ছৈয়দ আলী (৬৫)।

উল্লেখযোগ্য যে, দেওবাৰে ভূৰাগাঁৱত সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। নিৰ্মমভাৱে হত্যা কৰা হৈছিল এজনী ৯ বছৰীয়া কণমানিক।

ধৰ্ষণ হত্যাৰ বলি হোৱা ৯ বছৰীয়া কণমানিজনীৰ হত্যাকাৰী ছৈয়দ আলীক অৱশে,ত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। নিশা লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পোনে পোনে মৰিগাঁৱলৈ লৈ যায়। বৰ্তমানলৈকে ভূৰাগাওঁ আৰক্ষীয়ে এই সন্দৰ্ভত অন্য তথ্য প্ৰকাশ কৰা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + sixteen =

Back to top button