অসম

গণৰাজ্য দিৱসত দিল্লীত প্ৰধানমন্ত্ৰীৰ সন্মুখত দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিব অসম তনয়াই

হোজাইৰ জীয়ৰী ৰাগিনীয়ে দিল্লীত NCC কেডাৰৰ সৈতে অংশ ল’ব পেৰেডত।

৭৩ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন। বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ মাজতে ক’ভিড বিধি মানি দেশৰ বিভিন্ন স্থানত এইবাৰ পালন কৰা হ’ব গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ বাবে ভিন্ন স্থানত চলিছে প্ৰস্তুতি। ৰাজধানী দিল্লীতো পূৰ্ণদ্যমে চলিছে প্ৰস্তুতি।

এইবাৰ গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীৰ সন্মুখত দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিব অসমৰ এগৰাকী যুৱতীয়ে। পেৰাছেইলিঙত অংশ ল’বলগীয়া অসমৰ যুৱতীগৰাকী হৈছে ৰাগিনী প্ৰিয়া মহন্ত।

হোজাইৰ জীয়ৰী ৰাগিনীয়ে দিল্লীত NCC কেডাৰৰ সৈতে অংশ ল’ব পেৰেডত। গণৰাজ্য দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পেৰাছেইলিং কৰিব ৰাগিনী প্ৰিয়াই। উক্ত অনুষ্ঠানৰ বাবে ১৫ দিন ধৰি অনুশীলন অব্যাহত ৰাখিছে ৰাগিনীয়ে। অসমৰ জীয়ৰীয়ে গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশ লোৱা কথাই অনুপ্ৰাণিত কৰিছে সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.