Electionleatest updatenationalpolitical

শুকুৰবাৰে অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশ আৰু ছত্তীশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

মধ্যপ্ৰদেশ বিধানসভাৰ ২৩০খন আসন আৰু ছত্তীশগড় বিধানসভাৰ ৭০খন আসনৰ বাবে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

শুকুৰবাৰে অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ আৰু ছত্তীশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ইতিমধ্যেই সমাপ্ত হৈছে দুয়ো ৰাজ্যৰ হাইভল্টেজ প্ৰচাৰ অভিযান। শুকুৰবাৰে মধ্যপ্ৰদেশ বিধানসভাৰ ২৩০খন আসনৰ বাবে আৰু ছত্তীশগড় বিধানসভাৰ ৭০খন আসনৰ বাবে ভোটগ্ৰহণ হ’ব। ছত্তীশগড় বিধানসভাৰ ২০খন আসনৰ বাবে ভোটগ্ৰহণ যোৱা ৭ নৱেম্বৰতে অনুষ্ঠিত হৈছিল। মধ্যপ্ৰদেশত ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব। মধ্যপ্ৰদেশৰ ২৩০টা সমষ্টিত ৫.৬ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

ইয়াৰে ২.৮৮ কোটি পুৰুষ ভোটাৰ আৰু ২.৭২ কোটি মহিলা ভোটাৰ। মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে ভোট দিবলৈ সাজু ২২.৩৬ লাখ যুৱ ভোটাৰ। শুকুৰবাৰে ভাগ্য নিৰ্ণয় হ’ব কমল নাথ, বিক্ৰম মাষ্টাল আৰু গোবিন্দ সিঙৰ দৰে কংগ্ৰেছৰ দিগ্বজ নেতাৰ। ইফালে, বিজেপিৰ শিৱৰাজ সিং চৌহান, কৈলাস বিজয়বাৰ্গিয়া, অম্বৰিশ শৰ্মা আদি নেতাৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। ইফালে, ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১.৬৩ কোটি ভোটাৰে অংশ ল’ব।

ইয়াৰে ৮১.৪১ লাখ পুৰুষ ভোটাৰৰ বিপৰীতে ৮১.৭২ লাখ আছে মহিলা ভোটাৰ। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ ৭০টা সমষ্টিৰ ভিতৰত ৬১টা সমষ্টিতে ভোটগ্ৰহণ ৮ বজাৰ পৰা আৰম্ভ হৈ বিয়লি ৫ বজালৈ অব্যাহত থাকিব। নক্সাল অধ্যুষিত বাকী ৯টা সমষ্টিত ভোটগ্ৰহণ হ’ব পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 6 =

Back to top button