Socialঅসমআন্তঃৰাষ্ট্ৰীয়খেল

অলিম্পিকলৈ লাভলীনা! লাভলীনাৰ মংগল কামনাৰে পূজা অৰ্চনা মৰাণত

অলিম্পিকলৈ যোগ্যতা অৰ্জন কাৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই

অৰ্জুন বঁটাৰে বিভূষিত কৰা আৰু অলিম্পিকলৈ যোগ্যতা অৰ্জন কাৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাইৰ মংগলৰ কামনা কৰি আজি মৰাণত সদৌ টাই-আহোম ছাত্ৰসন্থাৰ গজপুৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত জনমিং বিছাৰি ফুৰা-তাৰালৈ বাণ-ফী অনুষ্ঠিত কৰে।

মৰাণৰ সমীপৰ তিলৈ নগৰস্থিত চাও-চেণ্-ৰেণ্ প্ৰাঙ্গণত সম্পূৰ্ণ তাই আহোমৰ ৰীতি নীতিৰে পুৰোহিতৰ পূজা অৰ্চনাৰে অলিম্পিকত উন্নত খেল প্ৰদৰ্শনৰ উদ্দেশ্যে লাভলীনালৈ আৰ্শীবাদ বিচাৰে।

আনহাতে এই কাৰ্যসূচীৰ যোগেদি অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল বাৰলৈ অনুৰোধ টাই-আহোম ছাত্ৰ সন্থাৰ যে, অসমৰ গাঁৱে- ভূঞে এনে বহু প্ৰতিভাৱান খেলুৱৈ আছে যি নেকি এখন সঠিক মঞ্চৰ বাবে থমকি  ৰ’ব লগা হৈছে, এই খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ তৈয়াৰ কৰিবলৈ আহ্বান জনাই নেতা সকলে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ভিয়েটনাম আৰু ৰাচিয়াত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বীপত ব্ৰঞ্জৰ পদক বুটলি আনি অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল লাভলীনাই৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.