AssamCMO AssamFestivalHimanta Biswa Sarmaleatest updateSocial

SOP মানি ৯ বছৰৰ মূৰত আজি আঁহতগুৰিত অনুষ্ঠিত বিখ্যাত ম’হ যুঁজ।

পৰম্পৰাক ধৰি ৰাখিব পাৰি উল্লাসিত আঁহতগুৰিবাসী।

SOP মানি ৯ বছৰৰ মূৰত আজি আঁহতগুৰিত অনুষ্ঠিত বিখ্যাত ম’হ যুঁজ। লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত এই ম’হ যুঁজ। উদ্বোধন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ম’হ যুঁজকলৈ আঁহতগুৰি অঞ্চলত বিশেষ উৎসাহ। পৰম্পৰাক ধৰি ৰাখিব পাৰি উল্লাসিত আঁহতগুৰিবাসী।

উল্লেখনীয় যে, ২০১৪ চনত উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ জালিকাট্টু আৰু মহাৰাষ্ট্ৰৰ গৰুগাড়ীতো বন্ধ কৰিছিল। ২০১৬ চনত এই খেলৰ অনুমোদন দিয়া কেন্দ্ৰীয় চৰকাৰৰ এক নিৰ্দেশনাতো স্থগিতাদেশ জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে। অৱশ্যে ২০২৩ চনৰ মে’ত সাংবিধানিক বিচাৰপীঠে জালিকাট্টুকে ধৰি জন্তুকলৈ হোৱা খেলত অনুমোদন প্ৰদান কৰে। ন্যায়ালয়ৰ অনুমোদনৰ পিছতে বন্ধ হৈ থকা আঁহতগুৰিৰ ম’হ যুঁজো SOP অনুসৰি অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক কেবিনেটে অনুমোদন জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − three =

Check Also
Close
Back to top button