দুৰ্ঘটনা

আজি CDS জেনেৰেল বিপিন ৰাৱটৰ অন্তিম বিদায়; কোন হ’ব দেশৰ প্ৰতিৰক্ষা বিভাগৰ পৰৱৰ্তী CDS?

৮ ডিচেম্বৰত তামিলনাডুৰ কন্নুৰত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে CDS বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটে। লগতে কৰুণ মৃত্যুক সাবটিলে আন ১১ জন সেনা বিষয়াই।

বিদায় CDS জেনেৰেল বিপিন ৰাৱট। অন্তিম যাত্ৰাত জেনেৰেল বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱট।

৮ ডিচেম্বৰত তামিলনাডুৰ কন্নুৰত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে CDS বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটে। লগতে কৰুণ মৃত্যুক সাবটিলে আন ১১ জন সেনা বিষয়াই।

শুকুৰবাৰে, সেনাৰ হাস্পতালৰ পৰা নিজ বাসগৃহলৈ লৈ অহা হয় CDS ৰাৱটৰ নিথৰ দেহ। বাসগৃহত জেনেৰেল ৰাৱটৰ নিথৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অজস্ৰ লোকে। অশ্ৰুসিক্ত নয়নেৰে পিতৃ-মাতৃক শেষ শ্ৰদ্ধাঞ্জলি জনালে দুই জীয়ৰী কৃতিকা আৰু তাৰিণীয়ে।

জেনেৰেল ৰাৱটৰ শেষ যাত্ৰাৰ বাবে লোকে লোকাৰণ্য হৈ পৰিছে দিল্লীৰ ৰাজপথ।আজি বিয়লি ৪ বজাত সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে দিল্লীৰ কেন্টনমেন্টৰ ব্ৰাৰ স্কোৱেৰত সম্পন্ন কৰা হ’ব CDSগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।

দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱটৰ মৃত্যুৰ পিছতে এতিয়া প্ৰশ্ন উঠিছে কোন হ’ব দেশৰ দ্বিতীয়জন CDS। জেনেৰেল ৰাৱটৰ আধৰুৱা কাম সম্পন্ন কৰাৰ বাবে কাক দিয়া হ’ব দায়িত্ব।

উল্লেখ্য যে, ভাৰতীয় নৌসেনা, বায়ুসেনা আৰু স্থলসেনাৰ যিকোনা যোগ্য কমাণ্ডাৰকে দিয়া হয় CDSৰ দায়িত্ব। জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে হ’ব বিপিন ৰাৱটৰ উত্তৰসুৰী। দেশৰ দ্বিতীয় জন CDS ৰূপে অধিস্থিত হ’ব নাৰায়নে। আগন্তুক এসপ্তাহৰ ভিতৰতে নাৰায়নেক দিয়া হ’ব নিযুক্তি। ২০১৯ চনৰ ৩০ ডিচেম্বৰত বিপিন ৰাৱটৰ পৰা স্থলসেনাৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰা নাৰায়নেই আগন্তুক বৰ্ষৰ এপ্ৰিল মাহত অৱসৰ গ্ৰহণ কৰিব। বিপিন ৰাৱটৰ ‘আধৰুৱা স্বপ্ন’ পূৰণৰ বাবেই শীঘ্ৰেই চিডিএচৰ আসনত বহিব নাৰায়নে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.