আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

সমাপ্ত হ’ল টি-২০ বিশ্বকাপঃ অষ্ট্ৰেলিয়াই পিন্ধিলে বিজয়ৰ মুকুট

টি-২০ বিশ্বকাপত প্ৰথমবাৰলৈ বিজয়ী হয় অষ্ট্ৰেলিয়া

সমাপ্ত হ’ল টি-২০ বিশ্বকাপ। সকলো ৰোমাঞ্চকৰ অধ্যায়ৰ সামৰণি মাৰি বিজয়ীৰ খিতাপ দখল কৰিলে অষ্ট্ৰেলিয়াই।

টছত অষ্ট্ৰেলিয়াই জয়ী হৈ প্ৰথমে নিউজিলেণ্ডক বেটিং কৰিবলৈ সুযোগ প্ৰদান কৰে। তাতেই যেন ফলাফল নিৰ্ণয় হৈ পৰিছিল। কিয়নো এইবাৰৰ প্ৰতিযোগিতাত যিটো দলেই টছত জিকিছে সেই দলেই খেলপথাৰতো বিজয় সাব্যস্ত কৰিছে।

৮টা উইকেটত টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলখনত কেংগাৰু বাহিনীয়ে নিউজিলেণ্ডক হৰুৱাই বিজয় সাব্যস্ত কৰে। ১৭ অক্টোবৰ, ২০২১ৰ পৰা আৰম্ভ হোৱা এই টুৰ্নামেন্টত ১৮.৫ অভাৰত ১৭২ ৰানৰ লক্ষ্য ভেদ কৰি বিজয়ৰ মুকুট পৰিধান কৰে অষ্ট্ৰেলিয়াই।

উল্লেখ্য যে, টি-২০ বিশ্বকাপত প্ৰথমবাৰলৈ বিজয়ী হয় অষ্ট্ৰেলিয়া।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.