Socialদৈনিক বাতৰিপ্ৰযুক্তি

ATMৰ পৰা ক্ষতিগ্ৰস্ত নোট ওলালে কি কৰিব?

যদি বেংকে গ্ৰাহকক ফটা নোটৰ সলনি ভাল নোট দিবলৈ অমান্তি হয়, তেন্তে বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব

ATMৰ পৰা প্ৰায়ে আমি টকা উলিয়াও। বেংকত গৈ টকা লোৱাতকৈ বহুতেই সহজতে ATMৰ পৰা টকা উলিওৱাই ভাল পায়। কিন্তু, দুৰ্ভাগ্যবশতঃ যদি ATMৰ পৰা ফটা নোট ওলায়, তেন্তে কি কৰিব আপুনি?

যিটো বেংকৰ ATMৰ পৰা আপুনি পইচা উলিয়াইছিল, সেই বেংকলৈ আৱেদন পত্ৰ দাখিল কৰিব লাগিব আপুনি। আৱেদন পত্ৰত পইচা উলিওৱাৰ তাৰিখ, সময় আৰু স্থান উল্লেখ কৰাৰ লগতে Withdrawal Slipও দিব লাগিব।

অৱশ্যে, Withdrawal Slip নাথাকিলে ম’বাইল ফোনত অহা মেছেজৰ কথা উল্লেখ কৰিব লাগিব।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিয়ম অনুসৰি ফটা নোটসমূহ সলনি কৰিব পৰা নহ’ব, কিন্তু টুইটাৰ, অথবা বেংকত অভিযোগ দাখিল কৰিলে বেংক কৰ্তৃপক্ষই গ্ৰাহকক পৰ্যায়ক্ৰমে পদ্ধতিসমূহ জনাই দিব।

আনহাতে, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নিয়ম অনুসৰি, ATMৰ পৰা ফটা নোট ওলালে যিকোনো বেংকৰ পৰাই অন্য নোট সলনি কৰি ল’ব পাৰিব গ্ৰাহকে। SBIৰ মতে, এজন গ্ৰাহকে https://crcf.sbi.co.in/ccf/ লিংকত গৈ General Banking// Cash Related Categoryত গৈ অভিযাগ দিব পাৰিব।

এই লিংকটো SBIৰ ATMৰ লগত সম্পৰ্কিত যিকোনো কামৰ বাবে ব্যৱহাৰ কৰা হয়।

উল্লেখনীয় যে, কোনো বেংকে, গ্ৰাহকক যিকোনো বিকৃত নোট সলাই দিবলৈ অমান্তি হ’ব নোৱাৰে। ইয়াৰোপৰি, যদি বেংকে এই নিয়ম ভংগ কৰে, তেন্তে বেংকৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব। গ্ৰাহকৰ অভিযোগৰ ভিত্তিত বেংকে গ্ৰাহকক দিব লগীয়া হ’ব পাৰে ১০,০০০টকা পৰ্যন্ত ক্ষতিপূৰণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 3 =

Back to top button