অপৰাধ

নৱাগত ছাত্ৰক উলংগ কৰি নিৰ্যাতন চলালে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ছাত্ৰই

গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিং কাণ্ড

এইবাৰ গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিং কাণ্ড। নৱাগত ছাত্ৰৰ সোণৰ চেইন কাঢ়ি নিলে জ্যেষ্ঠ ছাত্ৰই। ৰেগিঙৰ চৰমসীমা অতিক্ৰম কৰি জ্যেষ্ঠ ছাত্ৰই নৱাগত ছাত্ৰক উলংগ কৰি কৰিলে নিৰ্যাতন। অশালীন গালি-গালাজেৰে কৰিলে মাৰপিট।

 

ঘটনা অনুসৰি নৱাগত ছাত্ৰক ৫০০ টকাকৈ দাবী কৰিছিল জ্যেষ্ঠ ছাত্ৰই। টকা দিব নোৱৰাৰ বাবেই ছাত্ৰ বিশাল কাশ্যপ শালৈক চলোৱা হ’ল অত্যাচাৰ। ভুক্তভোগী বিশালৰ স্কুটীও ভাঙিলে জ্যেষ্ঠ ছাত্ৰই। এই ঘটনা সন্দৰ্ভত চানমাৰি থানাত এজাহাৰ দাখিল কৰে নিৰ্যাতিত ছাত্ৰজনে। হোষ্টেল মনিটৰ দেৱজিৎ বড়ো, আন দুজন ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বিশালে। অভিযোগ অনুসৰি আৰক্ষীয়ে ৪জনক আটক কৰি চান্দমাৰী থানাত জেৰা চলাই আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.