আন্তঃৰাষ্ট্ৰীয়

যোদ্ধাৰ ৰূপত ৰাজপথত ইউক্ৰেইনৰ জনতা, মল’টভ ককটেইলছৰে উৰুৱালে ৰাছিয়াৰ টেংক…

ৰাছিয়াৰ সৈনিকৰ ওপৰত মল'টভ ককটেইলছেৰে আক্ৰমণ কৰি ৰাছিয়াৰ বাহিনীক প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আহ্বান জনাইছিল নাগৰিকসকলক।

শত্ৰুৰাষ্ট্ৰ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধংদেহী ইউক্ৰেইনৰ জনতা। ৰাছিয়ান সৈন্যৰ বিৰুদ্ধে সাহসেৰে ৰাজপথলৈ ওলাই আহিল সাধাৰণ জনতা। ৰাছিয়াৰ সৈনিকৰ টেংকাৰলৈ নিক্ষেপ কৰিলে ঘৰতে নিৰ্মিত অস্ত্ৰ-‘মল’টভ ককটেইলছ’।

 

ৰাছিয়াৰ সৈনিকৰ ওপৰত মল’টভ ককটেইলছেৰে আক্ৰমণ কৰি ৰাছিয়াৰ বাহিনীক প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আহ্বান জনাইছিল নাগৰিকসকলক। প্ৰতিৰক্ষা মন্ত্ৰালয়ে নাগৰিকসকলক সকলো ৰাছিয়ান সৈন্যৰ গতি-বিধিৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে মল’টভ ককটেইলছ তৈয়াৰ কৰিবলৈ আৰু শত্ৰুক নিষ্ক্ৰিয় কৰিবলৈ আহ্বান জনাইছিল।

https://twitter.com/ZeroPark30/status/1497445963111280647

মল’টভ ককটেইলছ হৈছে ঘৰতে নিৰ্মিত এক যুদ্ধ অস্ত্ৰ। গ্লাছৰ বটলত দাহ্য পদাৰ্থ ভৰাই কাপোৰেৰে মেৰিয়াই অগ্নি সংযোগ কৰা হয়।

যোদ্ধাৰ ৰূপত ৰাজপথত ইউক্ৰেইনৰ জনতা, মল'টভ ককটেইলছৰে উৰুৱালে ৰাছিয়াৰ টেংক...

মলট’ভ ককটেইলেৰে ইউক্ৰেইনিয়ানৰ জনতাই ৰাছিয়ান সৈন্যৰ টেংকাৰৰ ওপৰত আক্ৰমণ চলাই ভষ্মীভূত কৰে দুখন ৰাছিয়ান টেংক। প্ৰাণৰ সংশয়ত ভুগা ৮০ বছৰীয়া ইউক্ৰেইনিয়ানেও দেশমাতৃক ৰক্ষাৰ বাবে মলট’ভ ককটেইলছ হাতত তুলি লোৱাৰ লগতে শত্ৰুক আক্ৰমণ কৰিছে। ইতিমধ্যে, ইউক্ৰেইনৰ নাগৰিকক বিভিন্ন ভিডিঅ’ৰ জৰিয়তে মল’টভ ককটেইলছ প্ৰস্তুত কৰিবলৈ প্ৰশিক্ষণ দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Check Also
Close
Back to top button