Educationকর্ণাটককেৰালাদিল্লীভাৰতমহাৰাষ্ট্ৰ

UGCৰ ভুৱা বিশ্ববিদ্যালয়ৰ ৰাজহুৱা জাননীত সন্নিবিষ্ট হ’ল এই কেইখন বিশ্ববিদ্যালয়…

ভুৱা বিশ্ববিদ্যালয়ৰ ওপৰত ৰাজহুৱা জাননী প্ৰকাশ কৰে UGCয়ে

ভুৱা বিশ্ববিদ্যালয়ৰ ওপৰত ৰাজহুৱা জাননী প্ৰকাশ কৰে UGCয়ে। UGCৰ অফিচিয়েল ৱেবচাইটযোগে প্ৰকাশ কৰে ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা। ২১খন বিশ্ববিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত হৈছে এই তালিকাত।

 

 

বেছিভাগ বিশ্ববিদ্যালয়ে দিল্লীৰ বুলি ঘোষণা UGC ৰ। দিল্লীৰ উপৰিও তালিকাত স্থান পালে কেৰেলা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, উত্তৰপ্ৰদেশ, উৰিষ্যা, পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশৰ বিশ্ববিদ্যালয়ে।

 

 

UGC য়ে প্ৰকাশ কৰা ৰাজহুৱা জাননীখনত উল্লেখ কৰা মতে বিশ্ববিদ্যালয় অনুদান আয়োগ আইন  ১৯৫৬ৰ অনুচ্ছেদ ২২(১) অনুসৰি কেৱল বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুচ্ছেদ ৩-ৰ অধীনত স্থাপিত কেন্দ্ৰীয়, ৰাজ্যিক, প্ৰাদেশিক আইন বা বিবেচিত বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত বিশ্ববিদ্যালয়বোৰেহে ডিগ্ৰী প্ৰদান কৰিব পাৰে যাক সংসদীয় আইনৰ দ্বাৰা ডিগ্ৰী প্ৰদান কৰিবলৈ বিশেষভাৱে ক্ষমতা প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুচ্ছেদ ২৩ মতে ওপৰোক্ত বোৰৰ বাহিৰে আন যিকোনো প্ৰতিষ্ঠানৰ দ্বাৰা ‘বিশ্ববিদ্যালয়’ শব্দটো ব্যৱহাৰ কৰা নিষিদ্ধ।

 

 

UGC য়ে ঘোষণা কৰা ২১খন বিশ্ববিদ্যালয়ৰ আছে

দিল্লীৰ

1. All India Institute of public & Physical Health Sciences(AIIPPHS)
2. Commercial University Ltd. Daryaganj
3. United Nations University
4. Vocational University
5. ADR-Centric Juridical University
6. Indian Institute of Science and Engineering
7. Viswakarma Open University for Self-employment
8. Adhyatmik Vishwavidyalaya

কৰ্ণাটকৰ
9. Badaganvi Sarkar World Open University Education Society

কেৰেলাৰ
10. St. John’s University

মহাৰাষ্ট্ৰৰ
11. Raja Arabic University

পশ্চিমবংগৰ
12. Indian Institute of Alternative Medicine
13. Institute of Alternative Medicine and Research

উত্তৰপ্ৰদেশৰ
14. Gandhi Hindi Vidyapith
15. National University of Electro Complex Homeopathy
16. Netaji Subhash Chandra bose University
17. Bhartiya Shiksha Parishad

উৰিষ্যাৰ
18. Nababharat Shiksha Parishad
19. North Orissa University of Agriculture & Technology

পুডুচেৰীৰ
20. Sree Bodhi Academy of Higher Educatiojn

অন্ধ্ৰপ্ৰদেশৰ
21. Christ New Testament Deemed University

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + eighteen =

Back to top button