Assamউৎসৱভাৰত

আজি নৱৰাত্ৰিৰ প্ৰথম দিন, ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত উখল-মাখল পৰিৱেশ

আজি নৱৰাত্ৰিৰ প্ৰথম দিন, ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত উখল-মাখল পৰিৱেশ

আজি নৱৰাত্ৰিৰ প্ৰথম দিন। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত উখল-মাখল পৰিৱেশ। দেৱী দুৰ্গতিনাশিনীৰ পূজা-অৰ্চনাৰ বিশেষ আয়োজন মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত। উদয়পুৰ পাহাৰত ত্ৰিপুৰা সুন্দৰীৰ ভব্য মন্দিৰত চলিছে দুৰ্গা পূজাৰ বিশাল আয়োজন। ত্ৰিলোকৰ শ্ৰেষ্ঠ সুন্দৰী মাতা সতী দেৱীৰ মন্দিৰত চলিছে এই আয়োজন।

দেশৰ ৫১খন শক্তিপীঠৰ অন্যতম মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰ। ত্ৰিপুৰা সুন্দৰীক দেৱী দুৰ্গাৰ কালী অৱতাৰ বুলি কোৱা হয়। বিগত ৫২৩ বছৰ ধৰি নৱৰাত্ৰিৰ পূজা হৈ আহিছে ত্ৰিপুৰা সুন্দৰী  মন্দিৰত। মহাঅষ্টমীৰ দিনা দেৱী দুৰ্গাক ন-আভুষণেৰে কৰোৱা হ’ব শৃংগাৰ।  ১৫ কি.গ্ৰা. সোণ আৰু ১৮০ কি.গ্ৰা. ৰূপৰ গহণাৰে দেৱী দুৰ্গাক কৰা হ’ব শৃংগাৰ। তন্ত্ৰ বিদ্যাৰ অন্যতম সিদ্ধ পীঠ হিচাপেও পৰিচিত ত্ৰিপুৰা সুন্দৰী মন্দিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.