অসমৰাজনৈতিক

অসমত আলহী ভগৱান, আলহীক অপব্যৱহাৰ কৰাটো অসমীয়া সংস্কৃতিৰ অংশ নহয়…

কংগ্ৰেছৰ মহিলা নেত্ৰী নিতা ডিছুজাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক গুৱাহাটী এয়াৰপ'ৰ্টত হাৰাশাস্তি কৰাটো আমাৰ সংস্কৃতিৰ অংশ নহয়

বিমানতে বিজেপিৰ নেত্রীক জবাবদিহি কংগ্রেছ নেত্রীৰ। দিল্লীৰ পৰা গুৱাহাটী অভিমুখী বিমানেৰে অহাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক প্ৰশ্নবান মহিলা কংগ্ৰেছৰ সভানেত্ৰী নিতা ডিছুজাৰ।

গুৱাহাটী বিমানবন্দৰত মূল্যবৃদ্ধিক লৈ স্মৃতি ইৰাণীক থকা-সৰকা কংগ্ৰেছী নেত্ৰীৰ। ইতিমধ্যে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কংগ্রেছ নেত্রী নিতা ডিছুজাৰ প্রশ্ন। ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ নিতা ডিছুজাই প্ৰশ্ন কৰিছে স্মৃতি ইৰাণীক।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কংগ্রেছৰ মহিলা নেত্রীৰ এই আচৰণক গৰিহণা দিয়ে মন্ত্রী পীযুষ হাজৰিকাই। টুইটযোগে স্মৃতি ইৰাণীক হাৰাশাস্তি কৰাৰ অভিযোগ মন্ত্রী পীযুষৰ।

তেওঁ কয় যে, অসমীয়া সংস্কৃতিত আলহীক ভগৱানৰূপে গণ্য কৰা হয়। কংগ্ৰেছৰ মহিলা নেত্ৰী নিতা ডিছুজাই কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক গুৱাহাটী এয়াৰপ’ৰ্টত হাৰাশাস্তি কৰাটো আমাৰ সংস্কৃতিৰ অংশ নহয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.