ক্ৰিকেট

বিশ্বকাপ জিকাৰ আনন্দ-উল্লাহৰ মাজত অধিনায়ক বাটলাৰে কিয় আতৰালে মুছলমান ক্ৰিকেটাৰ মইন আলী আৰু আদিল ৰছিদক?

ইংলেণ্ডৰ অধিনায়ক জচ বাটলাৰৰ এক পদক্ষেপ সকলোৰে মুখে মখে চৰ্চিত হৈ পৰিছে।

টি ২০ বিশ্বকাপৰ খিতাপ জয় কৰিলে ইংলেণ্ডে। কিন্তু এতিয়া ইংলেণ্ডৰ অধিনায়ক জচ বাটলাৰৰ এক পদক্ষেপ সকলোৰে মুখে মখে চৰ্চিত হৈ পৰিছে। বিশ্বচেম্পিয়ন হোৱাৰ পিছত ট্ৰফী হাতত লৈ আনন্দ-উল্লাহ কৰাৰ মাজতেই ঘটা এক ঘটনাৰ বাবে ক্ৰিকেট অনুৰাগী সকলে বাটলাৰক দিছে চ্যেলুট। বিশ্বকাপ জিকাৰ পিছতে বাটলাৰে টুলি লৈছিল ট্ৰফী। তেনেকুৱাতে বাকীসকল খেলুৱৈয়ে আনন্দত মতলীয়া হৈ খুলিছিল চেম্পেঞ্জৰ বটল। সেই দৃশ্য দেখি বাটলাৰে আদিল ৰছিদ আৰ মইন আলীক ট্ৰফীৰ মঞ্চৰ পৰা আতৰি যাব কৈছিল। দুইজন খেলুৱৈয়ে অধিনায়কৰ কথা মতে আতৰি গৈছিল তাৰ পৰা আৰু তাৰ পিছতে বাকী খেলুৱৈ সকলে চেম্পেঞ্জৰ বটল খুলি জয়ৰ উল্লাহ কৰে। আচলতে ইছলাম ধৰ্মত সুৰা সাৰাম আৰু চেম্পেঞ্জো এবিধ সুৰা। সেয়েহে আন ধৰ্মৰ ভাৱনাৰ প্ৰতি সন্মান জনাই অধিনায়ক বাটলাৰে মুছলমান খেলুৱৈ দুগৰাকীক আতৰাই পঠিয়াইছিল। সেয়েহে অধিনায়ক বাটলাৰক প্ৰশংসাৰে উপচাইছে সকলোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.