জীৱনশৈলীদৈনিক বাতৰি

পূৰ্ণ হ’ল স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাৰ স্বপ্ন, স্ফূৰ্তিতে নীৰজে টুইটাৰত শ্বেয়াৰ কৰিলে এই পোষ্ট

টুইটযোগে খেলুৱৈগৰাকীয়ে অনুৰাগীক দিলে এই সপোন পূৰণ হোৱাৰ সুখবৰ

টকিঅ’ অলিম্পিকত জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰা নীৰজ চোপ্ৰাৰ এটা সপোন পূৰ হ’ল। টুইটযোগে খেলুৱৈগৰাকীয়ে অনুৰাগীক দিলে এই সপোন পূৰণ হোৱাৰ সুখবৰ।

শনিবাৰে, এক টুইটযোগে খেলুৱৈগৰাকীয়ে লিখে যে, ” আজি মোৰ জীৱনৰ এটা সৰু সপোন পূৰ্ণ হ’ল। মোৰ মা-দেউতাই প্ৰথমবাৰৰ বাবে বিমানত উঠিবলৈ সুযোগ পালে। সকলোৰে প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ বাবে মই চিৰকৃতজ্ঞ।”

আচলতে, প্ৰথমবাৰৰ বাবে মাক-দেউতাকক বিমানত উঠায় খেলুৱৈ নীৰজ চোপ্ৰাই। আৰু এই সৰু আশাৰ আনন্দ চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰে খেলুৱৈগৰাকীয়ে। লগতে সকলোকে তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জনায় এথলীট নীৰজ চোপ্ৰাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − eight =

Back to top button