ৰাজনৈতিক

পঞ্জাৱৰ ম’গাত প্ৰৱেশত বাধা, নিৰ্বাচনী আয়োগে কিয় বাধা দিলে বলিউডৰ অভিনেতা চনু সুদক?

আনকি অভিনেতাগৰাকীৰ বিৰুদ্ধে ম'গাৰ আৰক্ষী অধীক্ষকক এক গোচৰ ৰুজু কৰিবৰ বাবে আহ্বান জনাইছিল জিলা দণ্ডাধীশ হৰিশ নায়াৰে।

পঞ্জাৱত নিৰ্বাচনী বতাহ। পঞ্জাৱত কংগ্ৰেছ, বিজেপি, আপ, অকালী সকলো দলৰ মাজতে চলিছে নিৰ্বাচনী যুঁজ। কিন্তু দেওবাৰে অনুষ্ঠিত হোৱা পঞ্জাৱৰ নিৰ্বাচনৰ দিনটোত ম’গাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে ভাৰতীয় নিৰ্বাচনী আয়োগে বাধা প্ৰদান কৰে বলিউডৰ অভিনেতা চনু সুদক। কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলা ভগ্নী মালবিকাক লগ কৰিবলৈ যোৱাৰ সময়ত নিৰ্বাচনী আয়োগে ম’গাত প্ৰৱেশত বাধা প্ৰদান কৰে অভিনেতাগৰাকীক।

 

উল্লেখ্য যে, কিছুদিন পূৰ্বে অভিনেতাগৰাকীৰ বিৰুদ্ধে এক অভিযোগ উঠিছিল যে, চনু সুদে ভোটাৰসকলৰ সৈতে চেল্ফী উঠি ভোটাৰসকলৰ মন মুহিবলৈ চেষ্টা কৰিছে। আনকি অভিনেতাগৰাকীৰ বিৰুদ্ধে ম’গাৰ আৰক্ষী অধীক্ষকক এক গোচৰ ৰুজু কৰিবৰ বাবে আহ্বান জনাইছিল জিলা দণ্ডাধীশ হৰিশ নায়াৰে।

 

যি কি নহওঁক, চনু সুদে তেওঁৰ ওপৰত উঠা অভিযোগৰ ভিত্তিত কয় যে, তেখেতে কোনো লোকৰ ওচৰতে ভগ্নীৰ হৈ ভোট বিচৰা নাছিল। তেওঁ কেৱল ভোটগ্ৰহণ কেন্দ্ৰ চাবৰ বাবেহে পঞ্জাৱলৈ গৈছিল। আনকি কিছু ৰাজনৈতিক দলে টকাৰ বিনিময়ত ভোটাৰ কিনাৰ কথাও সামাজিক মাধ্যমত উল্লেখ কৰে অভিনেতা চনু সুদে।

উল্লেখ্য যে, পঞ্জাৱত ১১৭ খন আসনৰ বাবে চলিছে ভোটদান প্ৰক্ৰিয়া। চনু সুদৰ ভগ্নী মালবিকা সুদেও ম’গাত কংগ্ৰেছৰ হৈ নিৰ্বাচনী যুঁজত নামিছে। চলিত বৰ্ষৰ জানুৱাৰী মাহতে কংগ্ৰেছত যোগদান কৰিছিল মালবিকাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.