বলিউড

ৰীল লাইফত নহয়, ৰীয়েল লাইফত বিয়াৰ বাবে সাজু কেটৰিনা, কেটৰিনাৰ হাতত জিলিকিব লাখটকীয়া মেহেন্দী

বিকি-কেটৰিনাৰ বিয়া লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। বলিউডত চলা চৰ্চা অনুসৰি ৰাজস্থানত সম্পন্ন হ'ব দুয়োৰে বিবাহ।

বিয়াৰ বাবে সাজু বলিউডৰ অভিনেত্ৰী কেটৰিনা কাইফ। বলিউডৰ অভিনেতা ছলমান খান, ৰণবীৰ কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে বলিউডত বাৰে-বাৰে চৰ্চিত হোৱা কেটৰিনা কাইফ এতিয়া বিয়াত বহিবলৈ ওলাইছে। পিছে কেটৰিনাৰ দৰা কোন আপুনি জানেনে?

অহা সপ্তাহত বলিউডৰ অভিনেতা বিকি কৌশলৰ সৈতে বিয়াত বহিব কেটৰিনা কাইফ। বিকি-কেটৰিনাৰ বিয়া লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। বলিউডত চলা চৰ্চা অনুসৰি ৰাজস্থানত সম্পন্ন হ’ব দুয়োৰে বিবাহ।

পিছে এতিয়া অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে কেটৰিনা কাইফে লগাবলগীয়া মেহেন্দী। যোধপুৰৰ পালি জিলাত প্ৰস্তুত কৰা চুজাত মেহেন্দী লগোৱা হ’ব কইনা কেটৰিনাৰ হাত-ভৰিত। চুজাত মেহেন্দী ব্যৱসায়ীৰ মন্তব্য অনুসৰি এই মেহেন্দীৰ বাবে খৰচ হ’ব ৫০,০০০ৰ পৰা প্ৰায় ১ লাখ টকা। কিন্তু মেহেন্দীৰ বাবদ কেটৰীনাৰ পৰা এটকাও নলয় মেহেন্দী অঁকা লোকসকলে।

উল্লেখ্য যে, ডিচেম্বৰত ৰাজস্থানত হ’বলগীয়া সামাজিক বিবাহৰ পূৰ্বে মুম্বাইত কোৰ্ট মেৰিজ কৰিব কেটৰিনা আৰু বিকি কৌশলে।

কিন্তু আচৰিত কথা কি জানেন? বৰ্তমান ছ’চিয়েল মিডিয়াত বলিউডৰ দুই অভিনেতা-অভিনেত্ৰীৰ বিবাহক লৈ চলা আচলতে এক উৰা বাতৰিহে।অভিনেতা ভিকি কৌশলৰ ভতিজী উপাসনা বোহৰাই কয় যে, বিকি আৰু কেটৰিনাৰ কাইফৰ বিয়া এতিয়াই হোৱাৰ কোনো কথা ওলোৱা নাই। যদি সঁচায়ে বিবাহ হ’লহেঁতেন তেন্তে তেওঁলোক দুয়োয়ে সকলোকে নিজেই এই কথা ক’লেহেঁতেন। বলিউডত এনেধৰণৰ উৰা বাতৰি কোনো অস্বাভাৱিক ঘটনা নহয়। প্ৰায়ে এনেধৰণৰ কাহিনী আমি শুনিবলৈ পাওঁ আৰু পিছত এই ঘটনাই পৰৱৰ্তী সময়ত অন্য কোনো কাহিনীৰ ৰূপ লয়।

অৱশ্যে, বিকি আৰু কেটৰিনাই ৰীয়েল লাইফত কেতিয়া বিয়াত বহিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.