অপৰাধঅসমসংস্কৃতি

কোনে ভাঙি চুৰমাৰ কৰিলে অসমীয়াৰ স্বাভিমান জাপি, শৰাই, পেঁপা, তাল?

ক্ষোভৰ অগ্নি জ্বলিছে চামগুৰিত

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অসমীয়াৰ স্বাভিমান জাপি-শৰাই আদি ভাঙি চুৰমাৰ, আজিয়ে পুনৰ স্থাপনৰ সম্ভাৱনা। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কৰিলে এই নিকৃষ্ট কাম।

চামগুৰিৰ গৌৰৱ তথা সকলোৰে চিৰপৰিচিত পকী শৰাই, জাপী, পেঁপা, তাল সম্বলিত প্ৰতিক চিহ্নক ৰাইজৰ অগোচৰে ফ’ৰ ৱে নিৰ্মিয়মান কোম্পানী গংগাসাগৰে ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি ক্ষোভৰ অগ্নি জ্বলিছে চামগুৰিৰ সৰ্বত্ৰে।

কোম্পানীটোত  তলা ওলোমোৱাৰ হুংকাৰ চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ, গোচৰ ৰুজু কৰাৰো সিদ্ধান্ত।

ফʼৰলেন যুক্ত পথ নিৰ্মাণৰ নামত পথ নিৰ্মাণকাৰী সংস্থাই তাত থকা এখন শিশু উদ্যানত জেচিপি, বুলডজাৰ লগাই এক প্ৰকাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীকি ৰূপ দাঙি ধৰা এখন বৃহৎ আকাৰৰ শৰাই, মহাপুৰুষ জনাৰ অমৰ সৃষ্টি খোলৰ সৈতে থকা এটা জাপি, মʼহৰ শিঙৰ পেঁপাৰ সৈতে থকা খুতি তাল আদিবোৰ ভাঙি পেলোৱাৰ দৃশ্য‌ই প্ৰতিজন অসমীয়াৰ মনত আঘাত হানিছে।

এই ঘটনাৰ পিছতে অসম চৰকাৰে তৎপৰতাৰে পদক্ষেপ লয় আৰু আজি মন্ত্ৰী পিযুষ হাজৰিকা নিজে চামগুৰিত উপস্থিত হয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.