Socialজীৱনশৈলীভাৰত

নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ আৰক্ষীয়ে নিষিদ্ধ কৰিলে লাউডস্পীকাৰ শব্দ

ত্ৰিপুৰা আৰক্ষীয়ে শনিবাৰে এক কঠোৰ নিৰ্দেশ জাৰি কৰে। নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত লাউডস্পীকাৰ, শব্দ প্ৰস্তুতকাৰী বাদ্যযন্ত্ৰ বা ধ্বনি এম্পলিফায়াৰ ব্যৱহাৰ নিষিদ্ধ কৰে, কেৱল প্ৰেক্ষাগৃহ, কনফাৰেন্স ৰুম, কমিউনিটি হল, বেঙ্কুৱেট হল বা ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ বাহিৰে সকলোতে নিষিদ্ধ কৰা হৈছে লাউডস্পীকাৰ।

জানিব পৰা মতে, আৰক্ষীয়ে গোটেই নিশা লাউডস্পীকাৰ ব্যৱহাৰ সম্পৰ্কে অভিযোগ পোৱাৰ পাছতে এইসিদ্ধান্ত।

আৰক্ষীৰ জাননী অনুসৰি, যিকোনো বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী চিকিৎসালয় বা আদালতৰ ১০০মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত “নীৰৱ অঞ্চল”ত লাউডস্পীকাৰ বা অন্যান্য ধ্বনি উৎপাদক সঁজুলিৰ অনুমতি নাই।

ইফালে, ওপৰোক্ত নিৰ্দেশনাসমূহ সম্পূৰ্ণ কৰিবলৈ ৰাইজক অনুৰোধ জনোৱা হয়। ওপৰোক্ত নিৰ্দেশনাবোৰৰ যিকোনো উলংঘনৰ ফলত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইয়াত কোৱা হৈছে।

তদুপৰি, আৰক্ষীয়ে লোকসকলক যিকোনো উলংঘনৰ বিষয়ে হেল্পলাইন ১১২ত অৱগত কৰিবলৈ আহ্বান জনাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.