Covid-19আন্তঃৰাষ্ট্ৰীয়খেলবিশ্বস্বাস্থ্য

অলিম্পিকত ১৬ জন নতুনকৈ আক্ৰান্ত ক’ভিডত! ৩ জন টকিঅ’ অলিম্পিকৰ এথলীট

১৪ দিনৰ কোৱাৰেণ্টাইনত থাকিব লাগিব ক’ভিড আক্ৰান্ত সকল

মহামাৰী ক’ৰোনাৰ প্ৰকোপ। টকিঅ’ৰ পৰা আহিছে এটা দুখজনক খবৰ। অলিম্পিকত পোহৰলৈ আহিছে ১৬টা নতুন ক’ভিড আক্ৰান্তৰ তথ্য। মন কৰিবলগীয়া যে, ইয়াৰে ৩ জন টকিঅ’ অলিম্পিকৰ এথলীট।

অলিম্পিক আয়োজক কমিটীয়ে জনোৱা অনুসৰি ১৬জন ক’ভিড আক্ৰান্তৰ ৩গৰাকী এথলীট, ৪জন কনট্ৰেক্টৰ, ৮জন খেলৰ সৈতে জড়িত ব্যক্তি। ৩জন ক’ভিড পজিটিভ এথলীটে কিন্তু Olympic Villageত বাহৰ পতা নাছিল। গতিকে তাত খেলৰ বাবে আশ্ৰয় লোৱা অন্য খেলুৱৈৰ ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাবনা নাই।

উল্লেখ্য যে, ৩গৰাকী এথলীট, ৮জন খেলৰ লগত জড়িত ব্যক্তিয়ে এতিয়া ১৪ দিনৰ কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক কৰিছে অলিম্পিক কমিটীয়ে। কমিটীয়ে জনোৱা তথ্য অনুসৰি খেলৰ লগত জড়িত ক’ভিড আক্ৰান্তৰ সংখ্যা এতিয়া উদ্বেগজনকভাৱে ৮৩ জনলৈ বৃদ্ধি পাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.