আন্তঃৰাষ্ট্ৰীয়ভাৰত

ৱাশ্বিংটনত প্ৰধানমন্ত্ৰীৰ দ্বিতীয় দিন, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ সৈতে কি আলোচনাত ব্যস্ত প্ৰধানমন্ত্ৰী?

বৈঠকে আমেৰিকা-ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সুপ্ৰভাৱ পেলাব বুলি আশাবাদী আমেৰিকাৰ উপ- ৰাষ্ট্ৰপতি

তিনিদিনীয়া ভ্ৰমণে সূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী যোশীহিদী চুগাক সাক্ষাৎ কৰে নৰেন্দ্ৰ মোদীয়ে।

বৃহস্পতিবাৰে, আমেৰিকাৰ বিভিন্ন খণ্ডৰ CEOৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰীগৰাকী। Qualcomm, Adobe, First Solar, General Atomics, and Blackstoneৰ CEOৰ সৈতে মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

হোৱাইট হাউচত কমলা হেৰিছক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “@VP@KamalaHarris লগ পাই মই আনন্দিত হৈছো। তেখেতৰ কৃতিত্বই সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিছে। আমি একাধিক বিষয় সন্দৰ্ভত কথা পাতিছিলো যিয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বন্ধুত্বক অধিক সুদৃঢ় কৰি তুলিব, যি অংশীদাৰী মূল্যবোধ আৰু সাংস্কৃতিক সম্পৰ্কৰ ওপৰত আধাৰিত।”

মহাকাশ, তথ্য-প্ৰযুক্তি, স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰ সহযোগিতা আৰু জলবায়ু সংকটৰ ওপৰতো আলোচনা কৰে প্ৰধানমন্ত্ৰীয়ে। এই বৈঠকে আমেৰিকা-ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে সুপ্ৰভাৱ পেলাব বুলি আশাবাদী আমেৰিকাৰ উপ- ৰাষ্ট্ৰপতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.