দৈনিক বাতৰিমনোৰঞ্জন

KBCত কোটি টকীয়া প্ৰশ্নৰ উত্তৰ দিয়াত ব্যৰ্থ প্ৰাঞ্চু ত্ৰিপাথী, আপুনি পাৰিবনে এই কোটি টকাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ?

ণিতৰ শিক্ষক হিচাপে কৰ্মৰত প্ৰাঞ্চু ত্ৰিপাথীয়ে গেম শ্ব'ত ৫০ লাখ টকা পাবলৈ সক্ষম হয়

আৰম্ভ হ’ল অমিতাভ বচ্চনৰ লাইমলাইট শ্ব’ ‘কৌন বনেগা ক’ৰোৰপতি’ৰ চিজন-১৩। বৃহস্পতিবাৰে প্ৰতিযোগী প্ৰাঞ্চু ত্ৰিপাথীৰ সৈতে ‘বিগ বি’য়ে আৰম্ভ কৰে অনুষ্ঠান।

মধ্যপ্ৰদেশৰ বাসিন্দা ২৮ বছৰীয়া যুৱক প্ৰাঞ্চু। গণিতৰ শিক্ষক হিচাপে কৰ্মৰত প্ৰাঞ্চু ত্ৰিপাথীয়ে গেম শ্ব’ত ৫০ লাখ টকা পাবলৈ সক্ষম হয়।

কৌন বনেগা ক’ৰোৰপতি’ত হট চিটত থকা প্ৰাঞ্চুৱে ১ কোটি টকাৰ প্ৰশ্ন শিতানতো অংশ লয়। অনুষ্ঠানত অমিতাভ বচ্চনে সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়াত বিফল হয় প্ৰাঞ্চু ত্ৰিপাথী। চাওঁক ভিডিঅ’-

 

এখন চৰকাৰী বিদ্যালয়ত গণিতৰ শিক্ষক হিচাপে কৰ্মৰত প্ৰাঞ্চুৱে সৰুৰে পৰা ক্ৰিকেটাৰ হোৱাৰ সপোন পুহি ৰাখিছিল। কিন্তু পিতৃৰ কথা মানিয়েই ক্ৰিকেটক হবি হিচাপে ৰাখি পঢ়া-শুনাত ধ্যান দিছিল প্ৰাঞ্চু ত্ৰিপাথীয়ে।

ক্ৰিকেট ভালপোৱা প্ৰাঞ্চু হৈছে ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ অনুৰাগী। আনকি নিজৰ লগতো অনবৰত ৰোহিত শৰ্মাৰ এখন ফটো কঢ়িয়াই লৈ ফুৰে প্ৰাঞ্চুৱে। এবাৰলৈ হ’লেও প্ৰিয় ক্ৰিকেটাৰজনক লগ কৰাৰ হেঁপাহ পূৰ কৰে অমিতাভ বচ্চনে। ‘কৌন বনেগা ক’ৰোৰপতি’ৰ মজিয়াৰ পৰাই ৰোহিত শৰ্মাৰ সৈতে ভিডিঅ’ কনফাৰেন্সত মিলিত হয় প্ৰাঞ্চু ত্ৰিপাথী। অনুষ্ঠানতে আৱেগিক হৈ পৰা প্ৰাঞ্চুক নিজৰ গ্ল’ভছযোৰ উপহাৰ হিচাপে দিয়ে ক্ৰিকেটাৰগৰাকীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.