শ্ৰেণীবিহীন

যৌন নিৰ্যাতনৰ চেষ্টা চলাই বিফল হোৱা ৩ কিশোৰে হত্যা কৰিলে কিশোৰীক! আটক তিনিওজন

পৰ্ণ’গ্ৰাফী চোৱাৰ পৰিণতিত সংঘটিত হৈছে এই ঘটনা

কলিয়াবৰৰ কিশোৰী হত্যাকাণ্ডৰ নতুন মোৰ। শিলেৰে প্ৰহাৰ কৰি ৩ কিশোৰে হত্যা কৰিছিল কিশোৰীগৰাকীক।

SP আনন্দ মিশ্ৰৰ তদন্তত পোহৰলৈ আহিছে আচৰিত তথ্য। ৩ কিশোৰে যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল কিশোৰীগৰাকীক। যৌন নিৰ্যাতনৰ চেষ্টা চলাই বিফল হৈছিল ৩ কিশোৰ। ম’বাইল পৰ্ণ’গ্ৰাফী চোৱাৰ পৰিণতিত সংঘটিত হৈছে এই ঘটনা।

তিনি কিশোৰৰ সৈতে অশ্লীল ভিডিঅ ছবি চাবলৈ অমান্তি হোৱাত ৰূপালী ৰবিদাস নামৰ ৭ বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণৰ অপচেষ্টা চলাই নিৰ্মম ভাবে প্ৰহাৰ কৰি হত‍্যা কৰে আৰু শিলভঙা উদ্যোগটোৰ শৌচালয়ত পেলাই থৈ যায়।

ঘটনাৰ লগত জড়িত ৩ কিশোৰক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে। নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত দুটা দিনৰ ভিতৰতে আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অনাৰ লগতে হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত তিনি অভিযুক্ত কিশোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযুক্ত কিশোৰ ক্ৰমে সুমিত গাৰা, ৰাহুল গাৰা, আৰু ৰাজ গাৰাক গ্ৰেপ্তাৰ কৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.