ভাৰত

পঞ্জাৱ ভ্ৰমণত অথন্তৰ: পঞ্জাৱৰ উৰণীয়া সেতুত ২০ মিনিট সময় ধৰি আৱদ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পঞ্জাৱৰ ফিৰোজপুৰত আয়োজন কৰা কেইবাটাও উদ্বোধনী অনুষ্ঠানত অংশ ল'বলৈ যোৱাৰ সময়তে ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হয় প্ৰধানমন্ত্ৰী।

পঞ্জাৱৰ উৰণীয়া সেতুত আৱদ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় ১৫-২০ মিনিট সময় ধৰি আৱদ্ধ হৈ থাকিল প্ৰধানমন্ত্ৰীৰ বিলাসী বাহন।

 

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাতিল কৰিলে পঞ্জাৱত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠান। পঞ্জাৱৰ ফিৰোজপুৰত আয়োজন কৰা কেইবাটাও উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ যোৱাৰ সময়তে কৃষকৰ ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হয় প্ৰধানমন্ত্ৰী। যাৰবাবে উৰণীয়া সেতুতে বহু সময় ধৰি আৱদ্ধ হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী।

 

বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ফিৰোজপুৰলৈ ৰাওনা হৈছিল প্ৰধানমন্ত্ৰী। বুধবাৰে পুৱা বাথিন্দাত অৱতৰণ কৰি ভাৰত-পাকিস্তান সীমান্তত থকা ফিৰোজপুৰলৈ গৈছিল যদিও আদবাটতে প্ৰতিবাদৰ সন্মুখীন হোৱাত পঞ্জাৱত আয়োজন কৰা অনুষ্ঠান বাতিল কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.