Internationalleatest updateSocial

হুদী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ; আমেৰিকাৰ নেতৃত্বত এই আক্ৰমণ মিত্ৰ বাহিনীৰ।

লোহিতসাগৰ আতংকমুক্ত কৰিবলৈ মিত্ৰ বাহিনীয়ে সন্ত্ৰাসবাদীৰ ঘাটিত চলায় আক্ৰমণ ।

য়েমেনৰ হুদী সন্ত্ৰাসবাদীৰ ঘাটিত মিত্ৰ বাহিনীৰ আক্ৰমণ। আমেৰিকাৰ নেতৃত্বত আক্ৰমণ হুদীৰ ঘাটিত।
য়েমেনস্থিত কেইবাটাও হুদী শিবিৰ তচনচ কৰে মিত্ৰ বাহিনীয়ে। লোহিত সাগৰত বাণিজ্যিক জাহাজত আক্ৰমণৰ প্ৰতিশোধ। আক্ৰমণত সহযোগ কৰে মাৰ্কিন আৰু ব্ৰিটিছ সেনাৰ যুটীয়া অভিযান, অষ্ট্ৰেলিয়া, বাহৰেইন, কানাডা,নেদাৰেলণ্ড।

উল্লেখনীয় যে য়েমেনস্থিত ইছলামিক সন্ত্ৰাসবাদী সংগঠন হুদীয়ে শেহতীয়াকৈ লোহিত সাগৰত চলাচল কৰা বাণিজ্যিক জাহাজসমূহ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। লোহিত সাগৰৰ জলপথ বিশ্বৰ বজাৰ অৰ্থনীতিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিন্তু মাৰ্কিন প্ৰশাসনৰ তথ্য মতে, বিগত সময়ছোৱাত হুদী সন্ত্ৰাসবাদীয়ে এই জলপথত ২৭টা আক্ৰমণ সংঘটিত কৰিছে। যাৰ ফলত বিশ্বৰ প্ৰায় ৫০খন ৰাষ্ট্ৰৰ বাণিজ্যিক ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হৈছে। তাতোকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক জাহাজসমূহত কৰ্মৰত কৰ্মীসকলৰ জীৱন বিপদাপন্ন হৈ পৰিছে। হুদী সন্ত্ৰাসবাদীৰ কূটাঘাতৰ বাবেই দুই হাজাৰৰো অধিক বাণিজ্যিক জাহাজ পৰম্পৰাগত জলপথ পৰিহাৰ কৰি কেইবাহাজাৰ মাইল দূৰেৰে অন্য জলপথেৰে চলাচল কৰিবলগীয়া হৈছে। যাৰ পৰিণতিত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য। সেয়েহে লোহিতসাগৰ আতংকমুক্ত কৰিবলৈ মিত্ৰ বাহিনীয়ে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.