শ্ৰেণীবিহীন

ড্ৰাগ্ছ আসক্ত যুৱক-যুৱতীৰ দেহত মাৰাত্মক HIV+ৰ অৱস্থিতি।

জিলা শিশু কল্যাণ সমিতিৰ পৰীক্ষাত পোহৰলৈ আহিছে এই তথ্য।

মৰিগাঁৱৰ মৈৰাবাৰীৰ দুই ভাতৃ-ভগ্নীৰ দেহত ধৰা পৰিছে HIV+ৰ উপস্থিতি। জিলা শিশু কল্যাণ সমিতিৰ পৰীক্ষাত পোহৰলৈ আহিছে এই তথ্য। দুই ভাতৃ-ভগ্নীক গুৱাহাটীস্থিতি কস্তুৰি চিলড্ৰেন কেয়াৰ হোমত ভৰ্তি। চিকিৎসাধীন অৱস্থাতে কেয়াৰ হোমৰ পৰা পলায়ন ভাতৃ-ভগ্নীৰ। ৫ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে দুয়ো।

ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। নাবালিকাক যৌন ব্যৱসায়ত লিপ্ত কৰোৱাৰো ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ড্ৰাগ্ছৰ ইনজেকচন দি বলপূৰ্বকভাৱে লিপ্ত কৰায় যৌন বৃত্তিত। মৈৰাবাৰী ৰে’লৱে ষ্টেচনৰ কোৱাৰ্টাৰত চলিছে অনৈতিক কাৰ্য। ৰপশ্বন খান আৰু ৰাকিবুৰ খানৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।

নগাঁও অসামৰিক চিকিৎসালয় HIV টেষ্টৰ বাবে ভিৰ ড্ৰাগ্ছ আসক্তৰ। বিভিন্ন সময়ত একাধিকজনৰ লগত যৌন সম্ভোগৰ বাবে বাধ্য কৰোৱা দুই ভাতৃ ভগ্নীৰ নিৰুদ্দেশৰ ঘটনাই অশনি সংকেত কঢ়িয়াইছে অঞ্চলবাসীলৈ। আনহাতে, মৈৰাবাৰী ৰেলৱে ষ্টেচনৰ কোৱাৰ্টাৰত অপৰাধৰ ৰমৰমীয়া ব্যৱসায় চলোৱা ৰপশ্বন খান বৰ্তমান নগাওঁ জেলৰ বন্ধ কুঠৰীত আবদ্ব। ৰপশ্বন খানে ধিংত ড্ৰাগছৰ যোগান ধৰিবলৈ যাওতে স্থানীয় ৰাইজে হাতেলোটে কৰায়ত্ত কৰি উত্তম মাধ্যম দি ধিং আৰক্ষীক গতাই দিছিল। ভূক্তভোগী নাবালিকাই প্ৰকাশ কৰা ৰপশ্বনৰ সহযোগী ৰাকিবুৰ খান আৰু যৌন ব্যৱসায়ত ৰপশ্বনক সহায় কৰি অহা মহিলাগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হবনে মৰিগাও আৰক্ষী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + eighteen =

Back to top button