দুৰ্ঘটনাৰাজস্থান

কইনা ঘৰলৈ যাওঁতেই অঘটন! দৰাসহ নৈত বাগৰি পৰিল বৰযাত্ৰীৰ বাহন…

জস্থানৰ বাৰৱাৰা কী চৌথৰ পৰা উজ্জৈনলৈ এখন বাছ আৰু এখন বাহনেৰে গৈছিল বৰযাত্ৰীৰ দলটো। কিন্তু ৰাস্তা হেৰুৱাই নিয়ন্ত্ৰণহীন হৈ চম্বল নদীত বাগৰি পৰে বাহনখন।

ৰাজস্থানৰ কোটাত সংঘটিত শোকাৱহ ঘটনা। চম্বল নদীত বাগৰি পৰিল বৰযাত্ৰীৰ বাহন। দৰাৰ লগতে মৃত্যুক সাবটিলে ৯জন লোকে।

 

দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা। মধ্যপ্ৰদেশৰ উজ্জৈনৰ এখন বিবাহস্থলীলৈ যাওঁতে ৰাজস্থানৰ চম্বল নদীত বাগৰি পাৰে বৰযাত্ৰীৰ বাহনখন। ৰাজস্থানৰ বাৰৱাৰা কী চৌথৰ পৰা উজ্জৈনলৈ এখন বাছ আৰু এখন বাহনেৰে গৈছিল বৰযাত্ৰীৰ দলটো। কিন্তু ৰাস্তা হেৰুৱাই নিয়ন্ত্ৰণহীন হৈ চম্বল নদীত বাগৰি পৰে বাহনখন।

 

ঘটনাটো প্ৰত্যক্ষ কৰা এজন লোকে ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগতে কোটাৰ পৌৰ নিগমে আৰম্ভ কৰে উদ্ধাৰ অভিযান। বাহনখনৰ পৰা সাতজন লোকক উদ্ধাৰ কৰাৰ লগতে দুজন লোকক নদীৰ পৰা উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

এই ঘটনাৰ পিছতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও টুইটযোগে প্ৰকাশ কৰিছে শোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.