AssamCMO Assamleatest update

ৰাজ্যবাসীক পুনৰ ৰামটাঙোন! আজিৰে পৰা বৃদ্ধি চিকিৎসা মহাবিদ্যালয়ৰ মাচুল

কিড্নী, ছুগাৰ, লিভাৰ, ইউৰিন, ব্লাড পৰীক্ষাৰ মাচুলো বৃদ্ধি।

ৰাজ্যবাসীক পুনৰ ৰামটাঙোন ৰাজ্য চৰকাৰৰ। আজিৰে পৰা বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ৰ মাচুল। ১৫০%ৰ পৰা ৩৭৫% পৰ্যন্ত বৃদ্ধি হ’ল সেৱা মাচুল। GMCHত ১০ টকাৰ পৰিৱৰ্তে পঞ্জীয়ন মাচুল হ’লগৈ ২০ টকা।

পেয়িং কেবেনিৰ মাচুল ১ হাজাৰৰ পৰিৱৰ্তে ১১০০লৈ বৃদ্ধি। দৈনিক বেড চাৰ্জ ১০ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ২০ টকা। GMCHত ১০৭ বিধ বায়’কেমিকেল পৰীক্ষাৰ মাচুল বৃদ্ধি। কেৱল GMCHতেই নহয় সকলো চৰকাৰী চিকিৎসালয়তে বৃদ্ধি হল মাচুল।

কিড্নী, ছুগাৰ, লিভাৰ, ইউৰিন, ব্লাড পৰীক্ষাৰ মাচুলো বৃদ্ধি। চিকিৎসা ব্যয় বৃদ্ধি পোৱাত ৰোগীৰ মাজত হাহাকাৰ। ৰাজ্যৰ সৰ্বসাধাৰণৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.