অপৰাধদুৰ্ঘটনাবিশ্ব
Trending

নিউয়ৰ্কৰ কেন্দ্ৰীয় মানহাটানত দুৰ্বৃত্তৰ গু/লীচা/লনা, আতংকিত স্থানীয়বাসী

আৰক্ষীৰ তদন্ত অনুসৰি শ্বেনৰ হাতত অস্ত্ৰৰ অনুমতি পত্ৰ আছিল যি পাঁচ বছৰ বাবে বৈধ আছিল

নিউয়ৰ্কৰ কেন্দ্ৰীয় মানহাটানত সোমবাৰে সংঘটিত হয় গুলীচালনা। এই দুৰ্বৃত্তৰ গুলীচালনাত এজন আৰক্ষী বিষয়াৰ লগতে কমেও আন ছয়জন লোক নিহত হয়।

জানিব পৰা মতে, এজন দুৰ্বৃত্তই ৩৪৫ পাৰ্ক অৱেনিউত থকা ৬৩৪ ফিট উচ্চৰ স্কাইস্ক্ৰেপাৰ বিল্ডিঙত এটা ৰাইফল লৈ প্ৰৱেশ কৰি ভিতৰৰ পৰা সংঘটিত কৰে গুলীচালনা। এই অট্টালিকাটোত বিশ্বৰ সৰ্ববৃহৎ বিনিয়োগ কোম্পানী ব্লেকষ্ট’নৰ কাৰ্যালয়  লগতে এনএফএলৰ মূখ্য কাৰ্যালয় আৰু কেইবাটাও বিত্তীয় প্ৰতিষ্ঠান আছে।

নিউয়ৰ্ক আৰক্ষীৰ মতে, গুলীচালনা সংঘটিত কৰা দুৰ্বৃত্ত জন লাস ভেগাসৰ ২৭ বছৰীয়া শ্বেন তামুৰা। ঘটনা সংঘটিত কৰিয়ে শ্বেনৰ নিজৰ ৰাইফলৰ পৰাই গুলী লাগি ঘটনাস্থলীত মৃত্যু হয়।

আৰক্ষীৰ তদন্ত অনুসৰি শ্বেনৰ হাতত অস্ত্ৰৰ অনুমতি পত্ৰ আছিল যি পাঁচ বছৰ বাবে বৈধ আছিল। ঘটনাস্থলীৰ পৰা উদ্ধাৰ এটা Palmetto State Armory AR-15 ass/ault rifle আৰু এখন বাহন । বাহনখনৰ ভিতৰত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ৰাইফল কেচ, গুলিৰ সামগ্ৰী, এটা লোড কৰা revolver, এটা বেগ আৰু চিকিৎসাৰ প্ৰেছক্ৰিপচন ।

নিউ ইয়’ৰ্ক চিটি মেয়ৰ এৰিক এডামছে উচিত তদন্তৰ নিশ্চিত কৰিছে আৰু অঞ্চলটোৰ চাৰিওফালে থকা আবাসীসকলক ঘৰৰ ভিতৰত থাকিবলৈ আৰু সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 1 =

Back to top button