বলিউড

জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীৱাস্তৱ আৰু নাই!

১০ আগষ্টত হৃদৰোগত আক্ৰান্ত হৈছিল কমেডিয়ানজন। তাৰ পিছতেই তেওঁক ভৰ্তি কৰোৱা হৈছিল এইমছত

জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীৱাস্তৱ আৰু নাই।

দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে কমেডিয়ানগৰাকীয়ে। আজি পুৱা ১০.২০ বজাত সংঘটিত হয় এই ঘটনা। ১০ আগষ্টত হৃদৰোগত আক্ৰান্ত হৈছিল কমেডিয়ানজন। তাৰ পিছতেই তেওঁক ভৰ্তি কৰোৱা হৈছিল এইমছত। ৫৮ বছৰীয়া কৌতুক অভিনেতাগৰাকীয়ে বিগত ৪১ দিন ধৰি মৃত্যুৰ সৈতে যুঁজি আছিল হাস্পতালত।

ৰাজু শ্ৰীৱাস্তৱ কানপুৰৰ বাসিন্দা আৰু উত্তৰ প্ৰদেশ ফিল্ম বিকাশ পৰিষদৰ অধ্যক্ষ আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ দেশজুৰি এতিয়া শোকাকুলময় পৰিৱেশ। ৰাজু শ্ৰীৱাস্তৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ৰাজু শ্ৰীবাস্তৱে কানপুৰৰ পৰা ওলাই আহি বলীউদত নিজৰ স্থানত নিগাজি কৰিছিল আৰু ষ্টেণ্ডআপ কমেডীৰ কিং হিচাপে পৰিচিত হৈ পৰিছিল।

১৯৬৩ চনৰ ২৫ ডিচেম্বৰত কানপুৰত জন্মগ্ৰহণ কৰিছিল ৰাজু শ্ৰীবাস্তৱে। তেওঁ কল্যাণজী আনন্দজী, বাপ্পী লাহিৰি, নীতিন মুকেশৰ দৰে শিল্পীৰ সৈতে কাম কৰিছে। তেওঁ গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ প্ৰতিভাৰ বাবে দেশজুৰি জনপ্ৰিয় শিল্পীগৰাকী।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.