AssamCMO Assamleatest updateRegional

ৰাজ্যত জলপ্ৰলয়! অব্যাহত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ।

ইতিমধ্যে অসমৰ বান পৰিস্থিতিক লৈ নতুন দিল্লীত সংবাদমেল অজিত ভূঞাৰ।

ৰাজ্যত জলপ্ৰলয়! অব্যাহত আছে দ্বিতীয়টো বানৰ সংহাৰী ৰূপ। বৰ্তমানেও পানীৰ তলত ৰাজ্যৰ বহু ঠাই। আহাৰমহীয়া এই বানত যোৱা দুদিনত মৃত্যু ৩জনকৈ লোকৰ। ইয়াৰ লগে লগে চলিত বৰ্ষত বানত নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৩৮গৰাকীলৈ। বৰ্তমানেও ৰাজ্যৰ ২৯খন জিলাৰ ১০৫টা ৰাজহ চক্ৰৰ ২ হাজাৰ ৮০০খন গাঁও জলমগ্ন হৈছে। এই বানত ক্ষতিগ্ৰস্ত হৈছে ৩৯ হাজাৰ ৪৫১.৫১ হেক্টৰ কৃষিভূমি। বৰ্তমানলৈকে বানত আক্ৰান্ত হৈছে ১১ লাখৰো অধিক লোক।

নুমলীগড়ৰত মহুৰামুখত বাঢ়নী পানীত নাও ডুবি মৃত্যু হৈছে দুজন লোকৰ। মৃত লোকদুজন পাপলু দাস, লাহন মাহিলী বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত থকা ৩জনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। ইয়াৰোপৰিও বান বিভীষিকাৰ মাজতে ডিব্ৰুগড়ৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে দুই শিশুৰ। বানপানীত সৃষ্ট বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত চিলিং ফেনত বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হয় দুই শিশুৰ। বৈদ্যুতিক ট্ৰেন্সফমাৰৰ খুটা পৰ্যন্ত পানী হোৱাৰ পিছতো অঞ্চলটোত শক্তি বিভাগে কৰ্তন কৰা নাছিল বিদ্যুৎ সংযোগ। যাৰ কৰুণ পৰিণতিত দুটিকৈ আঠ আৰু ছয়বছৰীয়া শিশুৱে অকালতে প্ৰাণ হেৰুৱাব লগীয়া হয়।

ইতিমধ্যে অসমৰ বান পৰিস্থিতিক লৈ নতুন দিল্লীত সংবাদমেল অজিত ভূঞাৰ। বানক লৈ চৰকাৰৰ উদাসীন নীতিৰ অভিযোগ।‘মন্ত্ৰীয়ে কেৱল কেমেৰা লৈ বানপানী চাই ফুৰিছে। অসমত বানৰ শ্ৰেণী পৰিৱৰ্তন হৈছে। চৰকাৰে পূৰ্বৰ ক্ষতিপূৰণেই প্ৰদান কৰা নাই।’কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি নোপোৱাৰ অভিযোগ অজিত ভূঞাৰ। কমিছনৰ অংক বাদ দি বন্যাৰ্তক সহায়ৰ আহ্বান।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.