অভিনয়জীৱনশৈলীবলিউডবোলছবিভাৰতমনোৰঞ্জনসংস্কৃতিসাহিত্য

বহুমুখী প্ৰতিভাৰ গৰাকী কিংবদন্তি গায়ক তথা অভিনেতা কিশোৰ কুমাৰৰ আজি জন্ম জয়ন্তী

আজিও সকলোৰে মাজত সজীৱ কিশোৰ কুমাৰ

বহুমুখী প্ৰতিভাৰে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হোৱা কিংবদন্তি গায়ক তথা অভিনেতা কিশোৰ কুমাৰৰ আজি ৯২ তম্  জন্ম জয়ন্তী৷  তিনিটা দশক পাৰ হৈ গ’ল যদিও আজি পৰ্যন্ত কোনোৱে ল’ব নোৱাৰিলে কিশোৰ কুমাৰৰ স্থান৷ ‘Mere Mehboob Qayamat Hogi’ ৰ পৰা ‘Keh Doon Tumhein’ লৈকে বহু চিৰসেউজ গীতেৰে আজিও সকলোৰে মাজত সজীৱ কিশোৰ কুমাৰ ৷

এগৰাকী গায়কৰ পৰা অভিনেতা আৰু এগৰাকী পৰিচালকৰ পৰা সংগীত ৰচনা কৰালৈকে নিজকে একক আৰু অনন্য স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল কিশোৰ কুমাৰে৷ মহম্মদ ৰফি, মান্না দে আৰু লতা মংগেশকাৰৰ দৰে গায়কসকলৰ সৈতে বলীউড সংগীতৰ সোণালী যুগক প্ৰতিনিধিত্ব কৰা গায়ক সকলৰ ভিতৰত কিশোৰ কুমাৰ অন্যতম৷ কেৱল হিন্দী আৰু বঙালী গীতেই নহয় তেওঁ মাৰাঠী, অসমীয়া, গুজৰাটী, কানাড়া, ভোজপুৰী, মালায়ালম আৰু উৰ্দু ভাষাতো বহুকেইটি গীত উপহাৰ দি গৈছে ৷

‘Marne Ki Duayen Kyon Mangu’ হৈছে তেওঁৰ প্ৰথমটো গীত ৷ তাৰ লগতে  তেওঁৰ কেইখনমান সফল ছবি হ’ল  Ladki, Naya Andaz, Bhagam Bhaag, Aasha, Chalti Ka Naam Gaadi আদি৷

Best Male Playback Singer শিতানত আঠটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰা বহুমুখী প্ৰতিভাৰ গায়কগৰাকীৰ এই অভিলেখ এতিয়ালৈকে কোনেও ভাঙিবলৈ সক্ষম হোৱা নাই ৷

১৯৮৭ চনৰ ১৩ অক্টোবৰত চলচ্চিত্ৰ জগতে এই কিংবদন্তি গায়কগৰাকীক হেৰুৱাব লগা হৈছিল ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button