অসম

সন্ধানহীন অৰ্পিতা গগৈ, আলফালৈ আহিছো বুলি হোৱাটছ এপ বাৰ্তা প্ৰেৰণ মাতৃলৈ

এসপ্তাহে সন্ধানহীন অৰ্পিতা গগৈক বিছাৰি হাবাথুৰি পৰিয়াল। সন্ধানহীন হোৱা এদিন পিছতে অচিনাকি নম্বৰৰ পৰা অৰ্পিতাই মাতৃক হোৱাটছএপ যোগে আলফালৈ যোৱাৰ কথা জনোৱাত অধিক চিন্তিত হৈ পৰিছে অৰ্পিতাৰ পৰিয়াল

সোণাৰিত এগৰাকী কলেজীয়া ছাত্ৰী সন্ধানহীন।চৰাইদেউ জিলাৰ সোণাৰিৰ মাহমৰা কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ নামৰ এগৰাকী কলেজীয়া ছাত্ৰী সন্ধানহীন হৈ থকা ঘটনাই সমগ্র জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে যোৱা ২৮ নৱেম্বৰৰ দিনা দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল অৰ্পিতা গগৈ। আৰু সেইদিনাৰ পৰা বৰ্তমানলৈকে সন্ধান ওলোৱা নাই অৰ্পিতাৰ। সন্ধানহীন হোৱা এদিন পিছতে অচিনাকি নম্বৰৰ পৰা অৰ্পিতাই মাতৃক হোৱাটছএপ যোগে আলফালৈ যোৱাৰ কথা জনোৱাত অধিক চিন্তিত হৈ পৰিছে অৰ্পিতাৰ পৰিয়াল।

পৰিয়ালৰ লোকে সন্ধানহীন ছাত্ৰী গৰাকীক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনক। আনহাতে এই ক্ষেত্ৰত যুৱতী গৰাকী আলফালৈ যোৱাৰ বাৰ্তা লাভ কৰাত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ ঘৰৰ ছোৱালী ঘৰলৈ পঠিয়াই দিয়াবলৈ কাতৰ আহ্বান কৰিছে পৰিয়ালৰ লোকে। অৰ্পিতা গগৈৰ সন্ধানহীন হোৱাৰ এটা সপ্তাহ উকলি যোৱাৰ পাছতো ছাত্ৰী গৰাকী শুং সূত্ৰ ওলোৱাত আৰক্ষী বিফল হোৱা বুলি অৰ্পিতাৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.