অসমআঞ্চলিক

ভাওনাৰ গীতত বিহুৰ সুৰ! সংস্কৃতিৰ নামত এয়া কি?

বাতি ভৰাই চিৰা খাবি শীৰ্ষক বিহুসুৰীয়া গীতটোৰ সুৰ ব্যৱহাৰ কৰা হ’ল ভাওনাত।

সংস্কৃতিৰ নামত এয়া কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাক পুনৰ বিকৃতকৰণ। এটা নাট্য দলে ভাওনাৰ গীতত দিলে বিহুৰ সুৰ। বাতি ভৰাই চিৰা খাবি শীৰ্ষক বিহুসুৰীয়া গীতটোৰ সুৰ ব্যৱহাৰ কৰা হ’ল ভাওনাত। এই ঘটনা সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক বিকৃত কৰিব পৰা ক্ষমতা প্ৰকৃত অসমীয়াৰ আছেনে? পাৱত গজা একাংশ নিকৃষ্ট মানসিকতাৰ ব্যক্তিৰ বাবে লজ্জিত অসমবাসী। ভাওনাৰ নামত বিকৃত উপস্থাপন কৰাটো প্ৰকৃততে এয়া কিমান গ্ৰহণযোগ্য?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.