Socialদুৰ্ঘটনা

পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ যাওঁতেই অঘটন! তীব্ৰবেগী বাহনে মহতিয়াই নিলে কণমানি ৰীমাক…

অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ৰীমাৰ ঘৰ আছিবন, হায়দৰাবাদত। মাত্ৰ এসপ্তাহ পূৰ্বে গাজী হেদাৰ কেনালত বসবাস কৰা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ৰীমা। তাতেই সংঘটিত হয় দুৰ্ভাগ্য জনক ঘটনাটো ।

লক্ষ্ণৌত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী বাহনৰ খুন্দাত নিহত এজনী কণমানি আৰু আহত এগৰাকী বৃদ্ধা।

সোমবাৰে, লক্ষ্ণৌত এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে এজনী ১১বছৰীয়া কণমানিক। পুৱা আইতাকৰ সৈতে ৰাস্তাৰ কাষত শুই থাকোতেই পাল তিৰাহৰ পৰা অহা এখন অনিয়ন্ত্ৰিত বাহনে মহতিয়াই নিয়ে ৰীমা আৰু বৃদ্ধা আইতাক। গাড়ীৰে মহতিয়াই নিয়াত থিতাতে নিহত হয় ১১ বছৰীয়া ৰীমা। আনহাতে, ৰীমাৰ ৭০ বছৰীয়া বৃদ্ধা আইতা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ৰীমাৰ ঘৰ আছিবন, হায়দৰাবাদত। মাত্ৰ এসপ্তাহ পূৰ্বে গাজী হেদাৰ কেনালত বসবাস কৰা পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ৰীমা। তাতেই সংঘটিত হয় দুৰ্ভাগ্য জনক ঘটনাটো ।

উল্লেখ্য যে স্থানীয় লোকে বাহনখনৰ পিছে পিছে যায় যদিও ধৰিবলৈ সক্ষম নহয় গাড়ী চালকক। পৰৱৰ্তী সময়ত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজি লয় । ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.